মণিপুৰত দ্বিতীয় পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান পুৱাৰে পৰা আৰম্ভ হৈছে। ২২ টা সমষ্টিত অনুষ্ঠিত হোৱা ভোটদানত ৰাজ্যখনৰ ৬খন নিৰ্বাচনী জিলাৰ ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ’ব।
নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৯২ গৰাকী প্ৰাৰ্থীৰ বিজেপিৰ২২ গৰাকী, কংগ্ৰেছৰ ১৮ গৰাকী, এন পি পি ১১ গৰাকী, জে ডি (ইউ) আৰু এন পি এফৰ ১০ গৰাকী, আৰ পি আই-এ ৩ গৰাকী, শিৱ সেনা আৰু এন চি পিৰ ২ গৰাকী, আৰ জে এছ পি আৰু চি পি আইৰ এগৰাকী আৰু ১২ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী।
দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত ৮,৪৭,৪০০ গৰাকী ভোটাৰে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজি। ৮,৪৭,৪০০ গৰাকী ভোটাৰৰ ৪,১৮,৪০১ গৰাকী পুৰুষ, ৪,২৮,৯৬৮ গৰাকী মহিলা আৰু ৩১ গৰাকী ট্ৰান্সজেণ্ডাৰ ভোটাৰ।
পুৱাৰে পৰা আৰম্ভ হোৱা ভোটগ্ৰহনত ভোটাৰে শাৰী পতা দেখা গৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ নেতা অক্ৰাম ইববী সিঙেও পুৱাই ভোটদান সাব্যস্ত কৰে। আৰম্ভনিতে দুই এঠাইত কাৰিকৰী বিজুতি হোৱাৰো খবৰ আহিছে।
লগতে পঢ়ক- গুৱহাটীত উপস্থিত হ’ল ১৫ গৰাকী ইউক্ৰেইন পৰা ছাত্ৰ ছাত্ৰী