নিউজ ডেস্ক: অসমত অহা ২৭ মার্চ,১ এপ্ৰিল আৰু ৬ এপ্ৰিলত হ’বলগীয়া তিনিটা পর্যায়ৰ বিধানসভা নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্রত প্রয়োজনীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ নির্বাচন আয়োগে
নিৰ্বাচন আয়োগৰ তত্বাবধানতেই অসম আৰক্ষীক সাজু হৈছে আগন্তুক নিৰ্বাচনৰ বাবে ৷ ইতিমধ্যে নির্বাচনী দায়িত্বত নিয়োজিত থাকিব লগা আৰক্ষীৰ জ’নেল আৰু ছেক্টৰ পর্যায়ৰ বিষয়াসকলক প্রশিক্ষণ দিয়া হৈছে৷ তিনিওটা পর্যায়ত অনুষ্ঠিত হ’ব লগা নির্বাচনৰ বাবে মুঠ ২,৪১,২৬৯জন আৰক্ষী–নিৰাপত্তাৰক্ষী নির্বাচনী দায়িত্ব দিয়া হৈছে৷
এইবাৰৰ বিধানসভা নির্বাচনত মুঠ ৩৩,৫৩০টা ভোটকেন্দ্রত প্রতিটোতে একোজনকৈ সশস্ত্র আৰক্ষী গার্ডৰ উপৰি চাৰিজনকৈ জোৱানক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে৷ প্রতিটো সমষ্টিত শান্তিপূর্ণভাৱে ভোটগ্রহণ প্রক্রিয়া তদাৰক কৰাৰ বাবে এজনকৈ জ’নেল আৰু ছেক্টৰ পর্যায়ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী–নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা গৈছে৷ এই জ’নেল আৰু ছেক্টৰ পর্যায়ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত থাকিব লগা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে সমষ্টিত থকা ভোটকেন্দ্রসমূহৰ পৰিস্থিতি তদাৰক কৰিব৷
অপ্রীতিকৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে চি আৰপিএফৰ সহায় ল’ব৷ তদুপৰি স্পর্শকাতৰ ভোটকেন্দ্রসমূহত সৃষ্টি হ’ব পৰা জটিল পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে প্রয়োজনত সেনাৰো সহায় ল’ব৷
উল্লেখ্য যে প্রথম পর্যায়ত অনুষ্ঠিত হ’ব লগা নির্বাচনৰ বাবে মাজত মাথোঁ ৬টা দিন বাকী আছে৷ প্রথম পর্যায়ৰ নির্বাচনৰ দায়িত্ব লাভ কৰা জ’নেল আৰু ছেক্টৰ পর্যায়ৰ আৰক্ষী বিষয়াসকলক নির্বাচনী মডেল ক’ড অৱ কণ্ডাক্ট সন্দর্ভত চূড়ান্ত প্রশিক্ষণ দিয়া হৈছে ৷ এই প্রশিক্ষণৰ সময়ত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ক’ভিড প্রট’কল সম্পর্কেও প্রশিক্ষণ দিছে ৷