নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে পঞ্জাৱত দলীয় বিসম্বাদ ক্ৰমান্বয়ে পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে দলৰ হাইকামান্ডে চৰণজিৎ চান্নীৰ নাম ঘোষণা হোৱাৰ পিছতেই পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোত সিং সিদ্ধুৰ মুখ্যমন্ত্ৰী হোৱাৰ আশাত চেঁচাপানী পৰে।
যোৱা সময়চোৱাত পঞ্জাৱৰ একেৰাহে দুটাকৈ কাৰ্যকাল কৰা চৰকাৰ খনক অস্থিৰ কৰাৰ লগতে দলীয় বিসম্বাদে ভয়ানক ৰূপ লৈছিল। যাৰ ফলশ্ৰুতিত অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা আতৰিব লগা হৈছিল। হাইকামান্ডে বিসম্বাদৰ নেতৃত্ব লোৱা নৱজোত সিং সিদ্ধুৰ পৰিবৰ্তে
চৰণজিৎ চান্নীক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ বিপৰীতে সিদ্ধুক দলৰ সভাপতিৰ দায়িত্ব দি বিষয়টোৰ শাম কাটিছিল।
এইবাৰ নিৰ্বাচনত দলীয় হাইকামান্ডে সিদ্ধুক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰিব বুলি আশা কৰিছিল যদিও সিদ্ধুৰ পৰিবৰ্তে চৰণজিৎ চান্নীকেই দায়িত্ব দিয়াত পুনৰ প্ৰতিবাদত দেখা গৈছে সিদ্ধুৰ পৰিয়াল।
এইবাৰ সিদ্ধু নহয় কন্যা ৰাবিয়া সিদ্ধুয়ে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী চৰণজিৎ চান্নী আৰু দলৰ জ্যেষ্ঠ নেতাসকলক লৈ কটাক্ষ মূলক মন্তব্য কৰা আৰম্ভ কৰিছে।
ৰাবিয়াই তেওঁৰ পিতৃৰ বিৰুদ্ধে যুঁজ দিবলৈ চান্নীৰ সামৰ্থ নাই নাই বুলি মুকলিকৈ প্ৰত্যাহ্বান জনাইছে। ১৩৩ কোটি টকা সম্পত্তিৰ মালিক চান্নী দৰিদ্ৰ কেনেকৈ হ’ল বুলিও ৰাবিয়াই প্ৰশ্ন তোলে ।
অমৃতসৰ পূৱ বিধানসভা সমষ্টিতত প্ৰতিদ্বন্দ্বিতা কৰা পিতৃ নবজোত সিং সিদ্ধুৰ হৈ
নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাবিয়াই মুখ্যমন্ত্ৰী পদৰ বাবে কোন যোগ্য আপোনালোকেই ভাবক বুলি মন্তব্য কৰে। তেওঁৰ পিতৃ সৎ গতিকে জয়ী তেওঁ হ’বই বুলি মন্তব্য কন্যা ৰাবিয়াৰ।
লগতে পঢ়ক – বোকাখাতত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত কৃষকক তৎকালীন ক্ষতিপূৰণৰ দাবী কৃষকসভাৰ
কংগ্ৰেছক পঞ্জাবৰ শাসনলৈ অনাৰ ক্ষেত্ৰত বিশেষ অৰিহনা থকা অমৰিন্দৰ সিঙৰ সৈতে থকা মনোমালিন্যৰ বাবেই চৰকাৰ খনক অস্থিৰ কৰা নবজোত সিং সিদ্ধুৱে আশা কৰিছিল
অমৰিন্দৰ সিঙৰ পদত্যাগ কৰাৰ পিছত পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ। কিন্তু সেই সময়ত কংগ্ৰেছ হাইকামান্ডে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে চৰণজিৎ চান্নীকহে নিৰ্বাচন কৰে।
সিদ্ধুৰ কন্যা ৰাবিয়াৰ মতে,হাইকমাণ্ডৰ বাধ্যবাধকতাৰ বাবেই তেওৰ পিতৃয়ে মুখ্যমন্ত্ৰীৰ পদ পোৱা নাই। কিন্তু আপুনি এজন সৎ মানুহক বেছি দিন ৰখাব নোৱাৰে। অসৎ মানুহজনেই অৱশেষত ৰ’ব লাগিব‘ বুলি কৈ দলীয় হাইকামান্ডৰ সিদ্ধান্তকেই প্ৰত্যাহ্বান জনাইছে।