গুৱাহাটী – অৱশেষত ঘোষণা কৰা হোজাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী। শিলাদিত্য দেৱ বঞ্চিত হ’ল টিকট লাভৰ পৰা। টিকট লাভৰ সম্ভাৱনা ক্ষীণ দেখি ক্ষমাও খুজিছিল সমষ্টিটোৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ। বিজেপিৰ মোনা লোৱা নেতাই কাল হ’ল নেকি শিলাদিত্য দেৱৰ?
অসম বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ। ইতিমধ্যে ৰাজনৈতিক দল সমূহে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা। শাসকীয় বিজেপি দলৰ বহু নেতাই এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হৈছে। কেইবাটাও সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাত সমষ্টি কেইটাত টিকটৰ আশাত থকা নেতা সকলৰ টোপনি হৰণ হৈছিল।
বিজেপিৰ টোপনি হৰণ হোৱা নেতা সকলৰ ভিতৰত অন্যতম নেতা হ’ল হোজাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক শিলাদিত্য দেৱ। অৱশেষত বিজেপিৰ হোজাই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে দলটোৱে। হোজাইৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে টিকট লাভৰ স্বপ্ন ভংগ হ’ল বৰ্তমানৰ বিধায়ক শিলাদিত্য দেৱৰ।
বুধবাৰে বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত হোজাই সমষ্টিত শিলাদিত্য দেৱৰ নামৰ পৰিবৰ্তে দেখিবলৈ পোৱা গ’ল ৰামকৃষ্ণ ঘোষৰ নাম। বিজেপিয়ে হোজাইত ৰামকৃষ্ণ ঘোষ, চিপাঝাৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী আৰু হাইলাকান্দিত মিলন দাসক টিকট প্ৰদান কৰিছে।

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য প্ৰদান কৰি সংবাদ শিৰোনামা দখল কৰি থকা শিলাদিত্য দেৱে বিজেপি দলৰ এগৰাকী বিজেপি নেতাক মুনা লোৱা নেতা বুলি কটাক্ষ কৰি বিতৰ্কত সুমাই পৰিছিল। টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা দেখি শিলাদিত্য দেৱে কিছুদিন পূৰ্বে এক সংবাদ মেল অনুষ্ঠিত কৰি ক্ষমা প্ৰাৰ্থনা বিচৰিছিল যদিও লাভ নহ’ল শিলাদিত্য দেৱৰ।
হোজাইৰ বৰ্তমানৰ বিধায়ক শিলাদিত্য দেৱক শিক্ষা দিলে নেকি দলটোৱে ? মোনা লোকে নেতা গৰাকীয়ে কাল হ’ল নেকি শিলাদিত্য দেৱৰ। বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰা দলটোৰ একাংশ নেতাৰ বাবে শিলাদিত্য দেৱক উদাহৰণ স্বৰূপে দাঙি ধৰিলে নেকি দলৰ নেতৃত্বই ?