গুৱাহাটী – অৱশেষত বিজেপি ত্যাগ কৰি ‘একলা চলো ৰে’ সংকল্পৰে শিলাদিত্য দেৱে আৰম্ভ কৰিব নতুন যাত্ৰা। আজি সন্ধিয়াৰ ভাগত বাজপেই ভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰিব শিলাদিত্য দেৱে। অহা কালিৰ পৰা নতুন যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে বৰ্তমানৰ হোজাই সমষ্টিৰ বিজেপি দলৰ বিধায়ক গৰকীয়ে।
বিজেপিয়ে টিকট প্ৰদান নকৰাত দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। টিকট বঞ্চিত হোৱাৰ পিছতে এক সংবাদ মেল অনুষ্ঠিত কৰি শিলাদিত্য দেৱে বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে। হোজাইৰ বিধায়ক গৰাকীয়ে লগতে বহু বিস্ফোৰণ ঘটালে সংবাদ মেলত। বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক টিকট প্ৰদান নকৰিলে বুলি মন্তব্য শিলাদিত্য দেৱৰ।
মই হিন্দুত্বৰ হৈ কথা কোৱা বাবে মোক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে বুলিও ক্ষোভ উজাৰে শিলাদিত্য দেৱে। ১১ জনকৈ বিধায়কক বিজেপিয়ে ৰাজনৈতিকভাৱে হত্যা কৰিছে বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে। ভাৰতীয় জনতা পাৰ্টী এতিয়া অটল বিহাৰী বাজপেইৰ দল হৈ থকা নাই, বিজেপি এতিয়া বাণিজ্যিক দল হৈছে বুলিও সংবাদ মেলত কয় শিলাদিত্য দেৱে।
শিলাদিত্য দেৱে লগতে কয় যে মই মোনা লোৱা নেতাৰ কথা কোৱাৰ বাবে মোক টিকট প্ৰদান কৰা নাই বুলি মই নাভাবো। মই ঋণমুক্ত হ’বলৈ ক্ষমা বিচাৰিছিলোঁ বুলিও কয় শিলাদিত্য দেৱে। বৰ্তমানলৈকে অন্য কোনো দলত যোগদান কৰা অথবা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কোনো পৰিকল্পনা নাই বুলিও জানিবলৈ দিয়ে হোজাইৰ বিধায়ক গৰাকীয়ে।
দল ত্যাগ কৰাৰ পিছতে তেওঁ পৰৱৰ্তী পৰিকল্পনা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে শিলাদিত্য দেৱে। বিজেপিয়ে এফালে হিন্দুৰ বাবে চৰকাৰ গঠন কৰিছে বুলি প্ৰচাৰ চলায় আৰু আনফালে হিন্দুৰ বাবে কথা কোৱা মানুহৰ বিৰুদ্ধে দলটো থাকে বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে। শিলাদিত্য দেৱে হিন্দুত্বৰ কথা কয় আৰু হিন্দু শৰণাৰ্থীৰ কথা কয় বাবে শিলাদিত্য দেৱক বলি দিয়া হৈছে বুলিও কয় বিজেপিৰ টিকট বঞ্চিত বিধায়ক গৰাকীয়ে।
উল্লেখ্য যে বুধবাৰে বিজেপিয়ে হোজাইকে ধৰি তিনিটাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। বিজেপিয়ে হোজাইৰ বর্তমানৰ বিধায়ক শিলাদিত্য দেৱক বঞ্চিত কৰি ৰামকৃষ্ণ ঘোষক টিকট প্ৰদান কৰিছে। বিজেপিয়ে চিপাঝাৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীক আৰু হাইলাকান্দিত মিলন দাসক টিকট প্ৰদান কৰিছে।