সোণাৰি ঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৌৰসভা সমূহৰ লগতে সোণাৰিতো পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে। ১৬ টা ৱাৰ্ড বিশিষ্ট সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে আজি বিজেপি দলৰ প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে প্ৰচাৰ অভিযান।
আজি তিনি নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী স্বাক্ষৰজ্যোতি গগৈৰ হৈ প্ৰচাৰ আৰম্ভ কৰিলে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সোণাৰি পৌৰসভাৰ তিনি নং ৱাৰ্ডত বিজেপি দলৰ প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সোণাৰিৰ আটাইকেইটা ৱাৰ্ডেই বিজেপি তথা মিত্ৰ দল অগপই দখল কৰিব বুলি মন্তব্য কৰিলে বিধায়ক গৰাকীয়ে।
সোণাৰি বিধান সভা সমষ্টিৰ একমাত্ৰ পৌৰসভা সোণাৰি পৌৰসভাৰ ৩ নং ৱাৰ্ডত উপস্থিত হৈ নিৰ্বাচনী কাৰ্য্যালয় শুভ উদ্বোধন কৰা লগতে বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী স্বাক্ষৰজ্যোতি গগৈ দেৱৰ হৈ এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷
লগতে পঢ়কঃসমাগত পৌৰসভা নিৰ্বাচনঃ টঙালি বান্ধিছে দৰং জিলা কংগ্ৰেছে
সভাত অংশগ্ৰহণ কৰি বিৰামহীন প্ৰগতি,সামগ্ৰিক বিকাশ আৰু সুপৰিকল্পিত নগৰীকৰণ, পৌৰসভা অঞ্চলৰ দ্ৰুত উন্নয়ন,বিকশিত আৰু সুৰক্ষিত পৌৰসভা গঠনৰ বাবে ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত ৩ নং ৱাৰ্ডৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী স্বাক্ষৰজ্যোতি গগৈ দেৱক পদুম ফুলৰ চিহ্নত ভোটদান কৰি বিপুল ভোটত জয়যুক্ত কৰিবলৈ উপস্থিত ভোটদাতা ৰাইজক আহ্বান জনায় বিধায়কগৰাকীয়ে।
নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী, চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, দলৰ প্ৰভাৰী বিনিতা শইকীয়া দেৰ লগতে দলীয় কাৰ্য্যকৰ্তা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷