মানকাচৰ : নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰৰ দুই সমষ্টিত মহাজোঁটৰ দুই প্ৰাৰ্থীৰ বৃহৎ জয়।
মানকাচৰত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম আৰু দক্ষিণ শালমাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ বৃহৎ জয়। দক্ষিণ শালমাৰাৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ডেৰ লক্ষাধিক ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল।

দেওবাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়। পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজত অনুষ্ঠিত হয় ভোট গণনা। ইতিমধ্যে প্ৰকাশ পোৱা ফলাফলৰ ভিত্তিত ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে। ইয়াৰ মাজতো কংগ্ৰেছ মহাজোঁটৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে বৃহৎ জয় লাভ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে।

নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থীয়ে বৃহৎ জয় লাভ কৰিছে। মানকাচৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী তথা দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলাম অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক প্ৰায় ৫৫ হেজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। আমিনুল ইছলাম ১১৭৩৭০ টা ভোট লাভ কৰাৰ বিপৰীতে জাবেদ ইছলাম ৬২৪৯৯ টা ভোট লাভ কৰিছে।

বৰ্তমানলৈকে এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীৰ বিজয় জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। ইফালে দক্ষিণ শালমাৰা সমষ্টিত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে প্ৰায় ডেৰ লাখ ভোটৰ ব্যৱধানত বৃহৎ জয় লাভ কৰি বিজয় সাব্যস্ত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,677 other subscribers

Leave a comment

Leave a Reply