দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুজনৰ মনোনয়ন পত্ৰ নাকচ হোৱাৰ লগতে এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত জিলাখনত দুই সমষ্টিত মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হয়। জিলাখনৰ অধীনত থকা মানকাচৰ সমষ্টি মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল। জিলা প্ৰশাসনে উক্ত ১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মোস্তাক মহাম্মদ মোকছেদুল হাচান আৰু আখালুনা বেগম নামৰ দুই নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰিছে।
আৰু পঢ়কঃ নতুন ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা মন্ত্ৰী ৰঞ্জিত দত্তৰ
আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা এআইইউডিএফ দলৰ প্ৰাৰ্থী আমিনুল ইছলাম পত্নী মেৰিনা খান নিজৰ মনোনয়ন পত্ৰ উঠাই নিয়ে। মেৰিনা খান নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল। দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ আৰু এগৰাকী প্ৰাৰ্থীৰ নাম প্ৰত্যাহাৰ কৰাত মানকাচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি জিলা প্ৰশাসনে নিশ্চিত কৰিছে। মানকাচৰ সমষ্টিত বৈধ প্ৰাৰ্থী কেইজন হৈছে অগপ দলৰ জাবেদ ইছলাম, এআইইউডিএফ দলৰ আমিনুল ইছলাম, মেঘালয়ৰ এন পি পি দলৰ আমিনুল ইছলাম, এছইউচিআই(চি) দলৰ ছাহিদুৰ আলম, জনতা দল ইউনাইটেদৰ ছায়েদ হুচেইন ইমান, নিৰ্দলীয় প্ৰাৰ্থী মনোৱাৰ হুচেইন, নিৰ্দলীয় প্ৰাৰ্থী জামিৰ আলী আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰুকুনুৰ জামান।
আৰু পঢ়কঃ তেজপুৰত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত , বুজ ল’লে নিৰ্বাচনৰ শেহতীয়া স্থিতি
আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ পৰা ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। দক্ষিণ শালমাৰা সমষ্টিৰ আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন বৈধ হৈছে। দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰাৰ্থী কেইজন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ওৱাজেদ আলী চৌধুৰী, বিজেপি দলৰ আছাদুল ইছলাম, এছইউচিআই (চি) দলৰ আব্দুছ ছবুৰ মিয়া, এনচিপি দলৰ জিন্নাত মোল্লা, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল দলৰ নুৰাল ইছলাম, জনতা দল ইউনাইটেদ দলৰ তালেব আলী, নিৰ্দলীয় প্ৰাৰ্থী নজৰুল ইছলাম, নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লা, নিৰ্দলীয় প্ৰাৰ্থী ফজলুল হক চৌধুৰী।