দক্ষিণ শালমাৰা : অসম বিধানসভা নিৰ্বাচনৰ আন এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে দক্ষিণ শালমাৰা সমষ্টি। দক্ষিণ শালমাৰা সমষ্টিত এইবাৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ১,৮৯,২০৯ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৭,১১৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৯২,০৯০ গৰাকী। দক্ষিণ শালমাৰা সমষ্টিত আছে তৃতীয় লিংগৰ ৫ গৰাকী ভোটাৰ।

ৰাজ্যৰ ৪০ টা সমষ্টিৰ লগতে দক্ষিণ শালমাৰা সমষ্টিতো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ দক্ষিণ শালমাৰা সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে মহাজোঁট বন্ধনৰ সমৰ্থিত তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বিধায়ক ওৱাজেদ আলী চৌধুৰী। ২০১৬ চনত কংগ্ৰেছৰ পৰা বিধায়ক হিচাপে নিৰ্বাচনীত হোৱা ওৱাজেদ আলী চৌধুৰীয়ে লাভ কৰিছিল ৮০০৬৬ টা ভোট। আনহাতে তেওঁৰ বিৰুদ্ধে এআইইউডিএফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল প্ৰতিদ্বন্দিতা কৰি ৬৩৩৪৩ টা ভোট লাভ কৰি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।

এই ক্ষেত্ৰত এইবাৰ মহাজোঁট বন্ধনৰ ফলত কংগ্ৰেছ আৰু এআইইউডিএফ একত্ৰিত হোৱাত দক্ষিণ শালমাৰাত বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ প্ৰতিদ্বন্দী নাই বুলিয়ে চৰ্চা চলিছে। ইফালে মহাজোঁট বন্ধনৰ বাবে এআইইউডিএফে কংগ্ৰেছক সমষ্টি এৰি দিয়াক লৈ দলটোৰ জিলা সাধাৰণ সম্পাদক অধিবক্তা নুৰুল ইছলাম মোল্লা দল ত্যাগ কৰি কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

প্ৰথম অৱস্থাত তেওঁৰ পক্ষত এআইইউডিএফৰ ভালে খিনি কৰ্মী-সমৰ্থক আছিল যদিও নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাৰ সমৰ্থক হ্ৰাস পোৱা বুলি সমষ্টিটোত চৰ্চা চলিছে। মুঠৰ ওপৰত দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ দুই সমষ্টিত ৪,১৫,৮৪৮ গৰাকী ভোটাৰে মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ৰাজনৈতিক মহলে নিৰ্বাচনৰ পূৰ্বে যিমানেই অংক নকৰক কিয় ২ মে তাৰিখে ওলোৱা ফলাফলত স্পষ্ট হ’ব কোনে কোন সমষ্টিত শেষ হাঁহি মাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply