নিউজ ডেস্ক – বিজেপিৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা সুব্ৰমণিয়ম স্বামীয়ে বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সততে বিজেপিৰ বিভিন্ন কৰ্মকাণ্ডৰ চোকা সমালোচনা কৰি অহা জ্যেষ্ঠ নেতা স্বামীয়ে তৃণমূল কংগ্ৰেছত যোগদানৰ বিষয়ে ৰাজনৈতিক মহলত বিভিন্ন সৰৱ চৰ্চা হৈ আহিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে পশ্চিমবঙ্গৰ ৰাজ্যিক সচিবালয় নাবান্নাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰে স্বামীয়ে। ইয়াৰ পিছতে জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ তৃণমূলত যোগদানৰ সম্ভাৱনীয়তা অধিক তীব্ৰ হৈ পৰিছে।

উল্লেখ্য যে সুব্ৰমণিয়ম স্বামীয়ে সচিবালয়ত মমতা বেনাৰ্জীৰ সৈতে প্ৰায় আধা ঘণ্টা সময় আলোচনা মিলিত হয়। এই বৈঠকত কি বিষয় আলোচনা কৰা হৈছে সেয়া স্পষ্ট নহয়, যদিও ৰাজ্য আৰু দেশৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত দুয়োৰে মাজত অতি গুৰুত্বপূৰ্ণ আলোচনা হৈছে বুলি জনা গৈছে। ঘনিষ্ঠ সূত্ৰৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সুব্ৰমণিয়ম স্বামীক তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৰ দায়িত্ব ল’বলৈ প্ৰস্তাৱ দিছে। স্বামীয়েও ইয়াত সন্মতি প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনীয়তা আছে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত সঘনাই ছ’চিয়েল মিডিয়াযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি অহা স্বামীক যোৱা বছৰ বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা আঁতৰাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply