গুৱাহাটী – দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে? শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ এআইইউডিএফ দলক লৈ সুস্মিতা দেৱ অসন্তুষ্ট বুলি জানিব পৰা গৈছে।
ৰাজ্যত গৰম নিৰ্বাচনী বতাহ বলি থকাৰ মাজতে কংগ্ৰেছত আহিছে ধুমুহা। কংগ্ৰেছ দলত ধুমুহাৰ সৃষ্টি কৰিছে বৰাকৰ কংগ্ৰেছ দলৰ নেত্ৰী সুস্মিতা দেৱে। শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ প্ৰস্তুতিয়ে দলটোৰ মাজত ধুমুহাৰ সৃষ্টি কৰিছে।
বিভিন্ন মাধ্যমৰ খবৰ অনুসৰি সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰাকলৈ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। আগন্তক বিধানসভা নিৰ্বাচনকলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকাত লৈ সুস্মিতা দেৱ সন্তুষ্ট নহয়। বিশেষকৈ বৰাক এআইইউডিএফক কংগ্ৰেছ দলে এৰি দিয়াৰ অভিযোগ উত্থাপন কৰি সুস্মিতা দেৱে অসন্তুষ্টি প্ৰকাশ কৰা বুলি খবৰ ওলাইছে।
ইফালে কংগ্ৰেছৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী সুস্মিতা দেৱৰ পদত্যাগৰ বাতৰিক নস্যাৎ কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰাও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জানিবলৈ দিয়া হৈছে যে সুস্মিতা দেৱে কংগ্ৰেছ দল ত্যাগ কৰা নাই।