নিউজ ডেস্ক: নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতেই দীর্ঘদিন ধৰি চলি অহা চর্চা, জল্পনা–কল্পনাৰ অৱসান ঘটাই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ কথা প্ৰকাশ কৰিছে | বিপিএফ মুৰব্বীজনে আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশীদাৰ হোৱাৰ কথা ঘোষণা কৰিছে৷ বি পি এফৰ সভাপতি মহিলাৰীয়ে টুইটাৰযোগে এই কথা প্রকাশ কৰে৷
টুইটাৰত তেওঁ উল্লেখ কৰা অনুসৰি শান্তি, ঐক্য আৰু উন্নয়নৰ লগতে অসমত দুর্নীতিমুক্ত এখন সুস্থিৰ চৰকাৰ গঠনৰ বাবে বি পি এফে মহাজোঁটৰ সৈতে মিলি আসন্ন বিধানসভা নির্বাচনত অৱতীর্ণ হ’ব৷
বিজেপিৰ সৈতে মিত্ৰতা চেদ কৰাৰ পাছতে দেওবাৰে এই প্ৰসংগক লৈ মুখ খুলিছে বি পি এফ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। বিজেপিক তীব্ৰ কটাক্ষ কৰি ব্ৰহ্মই কয়, বিজেপি দল আৰু চৰকাৰে আমাক বহুত অপমান কৰিছে। সেয়েহে অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হ’ল। নেত্ৰীগৰাকীয়ে লগতে কয়, আগন্তুক ২০২১ৰ নিৰ্বাচনৰ নিৰ্বাচনত আমি কংগ্ৰেছৰ সৈতে আছো। কংগ্ৰেছৰ নেতৃত্বত ২১ত চৰকাৰ গঠন হবই বুলি উল্লেখ কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই।