নিউজ ডেস্কঃ অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলত এইবাৰ অভিলেখ সৃষ্টি কৰিলে দিছপুৰ সমষ্টিৰ অতুল বৰাই । অতুল বৰাই ১২৬টা সমষ্টিৰ আটাইকেইজন প্ৰাৰ্থীতকৈ সৰ্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ মুঠ ১,৯৫,২১৮টা ভোটত জয় লাভ কৰিছে।
আনহাতে, কংগ্ৰেছৰ মনজিৎ মহন্তই লাভ কৰিছে ৭৪,১২৭টা ভোট। ১,২১,০৯১টা ভোটৰ ব্যৱধানত বিজয়ী হয় অতুল বৰা।
এইবাৰৰ নিৰ্বাচনত মুঠ ৯৪৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।
অতুল বৰা পিছতেই জোনাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূৱন পেগুৱে লাভ কৰিছে ১,৬৭,৩০৫ টা ভোট, জনিয়া সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে লাভ কৰিছে ১,৫৫,৯১৭টা ভোট আৰু দক্ষিণ শালমাৰাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে লাভ কৰিছে ১,৪৬,৭৫৭টা ভোট।
আনহাতে, ধিং সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে ১,৪৪,৭১০ টা , যমুনামুখৰ এআইইউডিএফৰ প্ৰাৰ্থী ছিৰাজউদ্দিন আজমলে ১,৩৬,৯০৩টা, পশ্চিম গুৱাহাটী অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লাভ কৰিছে ১,৩৬,৪৮৩ টা ভোট ।
জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই ১,৩০,৭৬২ টা, মানকাচাৰৰ এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে ১,২৫,৭৫৭ টা , বকো সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে ১,২০,৫০৪ টা , ধুবুৰীৰ এআইইউডিএফৰ প্ৰাৰ্থী নজৰুল হকে ১,২০,৪২৬ টা ,দলগাওঁ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানে ১,১৮,১৯৭টা, পূব বিলাসীপাৰা এআইইউডিএফৰ প্ৰাৰ্থী ছামছুল হুদাই ১,১৪,৫৩৭টা ভোট লাভ কৰিছে ।
পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কামাল ৰছিদ আলমে ১,১২,৭১৬ টা, পূব গুৱাহাটী বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ১,১২,৪৮৬ টা , গৌৰীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী নিজানুৰ ৰহমানে ১,১১,৯৬৩টা, মঙলদৈ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসে ১,১১,০৬৯ টা ভোট লাভ কৰিছে ।
আনহাতে, বৰপেটা সমষ্টিৰ আব্দুৰ ৰহিম আহমেদে ১,০৯,৬৭৪টা, দক্ষিণ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে ১,০৭,৫১১টা, সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিত ফুকনে ১,০৬,৪২৫টা,নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই ১,০৬,৩২৪টা,জাগীৰোডৰ বিজেপি প্ৰাৰ্থী পিয়ুস হাজৰিকাই ১,০৫,৮২৩টা, ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাই লাভ কৰে ১,০৫,৫৫২টা ভোট।