নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অংশলোৱা ২৬৪ জন প্ৰাৰ্থীৰ ভিতৰত অপৰাধী প্ৰাৰ্থীৰ গড় হিচাবত শীৰ্ষত এআইইউডিএফ আৰু সৰ্বনিম্ন স্থানত শাসকীয় বিজেপিৰ প্ৰাৰ্থী আছে | এডিআৰে প্ৰকাশ কৰা সমীক্ষাত এই তথ্য লাভ কৰিছে | মুঠ ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৫৯ গৰাকীক লৈ এই সমীক্ষা চলোৱা হৈছিল | নিৰ্বাচন আয়োগৰ ৱেবচাইটত পাঁচ গৰাকী প্ৰাৰ্থীৰ তথ্য স্পষ্ট নোহোৱাত ইয়াক উল্লেখ কৰিব নোৱাৰা বুলি সমীক্ষাটোত উল্লেখ কৰিছে |

সৰ্বাধিক গোচৰ থকা তালিকাত স্বাভাবিকতে শীৰ্ষত আছে অখিল গগৈ | তেওৰ মুঠ গোচৰৰ সংখ্যা ৫২টা | দ্বিতীয় স্থানত আছে বোকাখাত সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলাল বৰা | যাৰ গোচৰৰ সংখ্যা ২৫ টা | তৃতীয় স্থানত আছে ধিঙৰ এআইইউডিএফ প্ৰাৰ্থী আমিনুল ইছলাম, চতুৰ্থস্থানত কংগ্ৰেছৰ দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থী ধ্ৰুবজ্যোতি গগৈ আৰু পঞ্চম স্থানত থাওৰাৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী |

মহিলাৰ বিৰুদ্ধে অপৰাধ কৰাসকলৰ ভিতৰত প্ৰথম তিনিটা স্থানত আছে অসম জাতীয় পৰিষদৰ তিনিজনকৈ প্ৰাৰ্থী লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী অচুত শইকীয়া, নগাঁও সমষ্টিৰ আনজাৰ হুচেইন আৰু তেজপুৰ সমষ্টিৰ জানমনি বৰা | আনহাতে হত্যাকান্ডৰ সৈতে জড়িত গোচৰত অভিযুক্তৰ তালিকাত কুশল দুৱৰী আৰু ৰিপুন বৰাৰ নাম আছে |

আৰু পঢ়কঃ কংগ্ৰেছৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকাত ২১ জন প্ৰাৰ্থী, মনজিত মহন্ত দিছপুৰত কংগ্ৰেছ প্ৰাৰ্থী

প্ৰথম পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া সমষ্টি কেইটাৰ ভিতৰত বোকাখাত সমষ্টিত সৰ্বাধিক ৫ জন অপৰাধী প্ৰাৰ্থীয়ে নিৰ্বাচনত অংশ লৈছে | দলীয় হিচাবত নিৰ্দলীয় ১৫ জন, কংগ্ৰেছৰ ১০ জন, অসম জাতীয় পৰিষদৰ ৮ জন, বিজেপিৰ ৩ জন আৰু বাকী পাঁচটা ৰাজনৈতিক দলৰ এজনকৈ প্ৰাৰ্থীৰ নাম অপৰাধীৰ তালিকাত আছে | এডিআৰে প্ৰাৰ্থীসকলে নিৰ্বাচন আয়োগত দাখিল কৰা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply