নিউজ ডেস্ক: আগন্তুক বিধানসভা নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েৰ নেতৃত্বত আৰম্ভ হৈছে সজাগতা মূলক বিভিন্ন কাৰ্যসূচী | গণতন্ত্রৰ বাবে চাইক্লোথন শীর্ষক চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই৷
ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা বহুসংখ্যক চাইক্লিষ্টৰ লগতে গুৱাহাটী মহানগৰৰ প্রায় ডেৰ শতাধিক চাইক্লিষ্টে এই কার্যসূচীত অংশগ্রহণ কৰে৷ ৰাজ্যিক নির্বাচনী বিষয়াৰ কার্যালয়ৰ অন্যতম দুজন ‘আইকন’ ক্রমে অভিনেতা কপিল বৰা আৰু পেৰা চাইক্লিষ্ট ৰবীন বণিকে অনুষ্ঠানত অংশগ্রহণ কৰি সকলো ৰাইজক ভোটদান গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনায়৷
এই চাইকেল ৰেলীত অংশগ্রহণ কৰে ক্রমে অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া দেৱপ্রসাদ মিশ্র, পৰিবহণ আয়ুক্ত আদিল খান, যুটীয়া মুখ্য নির্বাচনী বিষয়া ডাঃ উদয় প্রবীণ, যুটীয়া মুখ্য নির্বাচনী বিষয়া ৰাহুল চন্দ্র দাসৰ লগতে উপ–মুখ্য নির্বাচনী বিষয়া ডিম্পল বৰুৱা, সহকাৰী মুখ্য নির্বাচনী বিষয়া পূজা পুনম গগৈকে ধৰি বহুকেইজন নির্বাচনী বিষয়াৰ কার্যালয়ৰ শীর্ষ বিষয়াই৷ ৰবীন বণিকে গুৱাহাটীৰ পৰা এই সজাগতামূলক চাইকেল যাত্রা আৰম্ভ কৰি ৪ এপ্রিলত বকোত এই সজাগতা চাইকেল ৰেলী সমাপ্ত কৰিব৷