গুৱাহাটী,ছৰফৰাজ খানঃ বিশাল আয়োজনেৰে আজি মহানগৰীৰ ৰুক্মিণীগাঁৱত অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৰিপুন বৰাই। ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়ে সাংগঠনিক ভেটিক লৈ তৎপৰ বৰা।
যোগদান কাৰ্যসূচীত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ তৃণমূল কংগ্ৰেছৰ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ, ডাঃ মুকুল চাংমা,সুস্মিতা দে’।
লগতে পঢ়কঃগোলাঘাটৰ চুঙ্গীহোলাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ উদযাপন
যোগদান অনুষ্ঠানৰ অন্তত পৰিবেশন কৰা বিহু নৃত্যত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ, ডাঃ মুকুল চাংমা, সুস্মিতা দে’ আৰু ৰিপুন বৰাও অংশগ্ৰহণ কৰে।