গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব মঙলাবাৰে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰৰ হাতত থাকিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভোটাৰৰ হাতত থাকিব কেইবাগৰাকী মন্ত্ৰীৰ ভাগ্য। ৪০ টা সমষ্টিত মঙলাবাৰে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

মঙলাবাৰে অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম ভোট গ্ৰহণৰ বাবে সম্পূৰ্ণ প্ৰস্তুত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলা সমূহৰ আৰক্ষী-প্ৰশাসনৰ লগতে ভোটাৰ ৰাইজ। আৰক্ষী-প্ৰশাসনে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সাজু হৈ থকাৰ সমান্তৰালে ভোটৰ ৰাইজ সাজু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ৪০ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। এই ৪০ টা সমষ্টিত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ। ভোটাৰ ৰাইজে ভাগ্য নিৰ্ণয় কৰিবলগীয়া এই ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে ৩১২ গৰাকী পুৰুষ আৰু ২৫ গৰাকী মহিলা প্ৰাৰ্থী। এই প্ৰাৰ্থী সকলৰ ভিতৰত আছে কেইবাগৰাকী মন্ত্ৰী।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে ১১,৪০১ টা কেন্দ্ৰত ৩৩৭ গৰাকী প্ৰাৰ্থীৰ লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৫ গৰাকীকৈ মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় কৰিব। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এই ৫ গৰাকী মন্ত্ৰী হৈছে ক্ৰমে জালুকবাৰী সমষ্টিত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পূব গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী, বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰী আৰু পূব কোকৰাঝাৰ সমষ্টিত প্ৰমীলা ৰাণী ব্ৰহ্ম। ইয়াৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ জয়-পৰাজয় নিৰ্ভৰ থাকিব পাটাছাৰকুছি সমষ্টিৰ ভোটাৰৰ হাতত।

আনহাতে তৃতীয় পৰ্যায়ত কংগ্ৰেছৰ ৮ গৰাকী, বিজেপিৰ ৫ গৰকীৰ লগতে এ আই ইউ ডি এফ, অগপ আৰু বি পি এফ দলৰ ৩ গৰাকীকৈ বৰ্তমানৰ বিধায়ক-বিধায়িকাৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ৭৯,১৯,৬৪১ গৰাকী ভোটাৰৰ মাজত আছে ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply