গুৱাহাটী – সমাগত অসম বিধানসভা নির্বাচনত ভােটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ২,৩৩,৭৪,০৮৭ গৰাকী সাধাৰণ ভােটাৰৰ নাম তালিকাভুক্ত হৈছে। ইয়াৰ ভিতৰত ১,১৮,২৩,২৮৬ গৰাকী পুৰুষ, ১,১৫,৫০,৪০৩ গৰাকী মহিলা আৰু ৩৯৮ গৰাকী তৃতীয় লিংগৰ ব্যক্তি। ইয়াৰ উপৰি ৬৩,০৭৪ গৰাকী ছাৰ্ভিছ ভােটাৰ আছে।
ইয়াৰে প্ৰথম পৰ্যায়ত মুঠ ৮১,০৯,৮১৫ গৰাকী ভোটাৰৰ ভিতৰত ৪০,৭৭,২১০ গৰাকী পুৰুষ, ৪০,৩২,৪৮১ গৰাকী মহিলা আৰু ১২৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। দ্বিতীয় পৰ্যায়ত মুঠ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰৰ ভিতৰত ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ, ৩৬,০৯,৯৫৯ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আৰু তৃতীয় পৰ্যায়ত মুঠ ৭৯,১৯,৬৪১ গৰাকী ভোটাৰৰ ভিতৰত ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।
আৰু জানিবলৈ পঢ়কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰূপন কৰিব প্ৰায় ৮১ লাখ ভোটাৰে
আনহাতে প্রথম পর্যায়ত ভােট গ্রহণ হ’বলগীয়া ৪৭ টা সমষ্টিৰ ভিতৰত ৩,১১,৬৬০ গৰাকী ভােটদাতাৰে জোনাই সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৩৬৪ গৰাকী ভােটদাতা আছে। সেইদৰে দ্বিতীয় পর্যায়ত ভােট গ্রহণ হ’বলগীয়া ৩৯ টা সমষ্টিৰ ভিতৰত ২,৬৫,৮৮৬ গৰাকী ভােটদাতাৰে হােজাই সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে হাওৰাঘাট সমষ্টিত আটাইতকৈ কম ১,৩২,৩৩৯গৰাকী ভােটদাতা আছে আৰু তৃতীয় পর্যায়ত ভােট গ্রহণ হ’বলগীয়া ৪০ টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬গৰাকী ভােটদাতা থকাৰ বিপৰীতে ছাপাগুৰি সমষ্টিত সর্বনিম্ন ১,৫৯,২৫৭ গৰাকী ভােটদাতা আছে।
আৰু জানিবলৈ পঢকঃ পাঁচ গেৰাণ্টি পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলে
এইবাৰৰ নিৰ্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬ গৰাকী আৰু থাওৰা সমষ্টিত সর্বনিম্ন ১,১৫,৩৬৪গৰাকী ভােটদাতা আছে। যােৱা ১৮ নৱেম্বৰ, ২০২০ৰ পৰা আৰম্ভ হােৱা বিশেষ সংক্ষিপ্ত সংশােধনীৰ যােগে যােৱা ১৯ মার্চ, ২০২১ লৈ এইবাৰৰ ভােটাৰ তালিকাত মুঠ ১২,৮১,৯১৮ গৰাকী ভােটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এইবাৰ ২,৮৯,৪৭৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব।