নিউজ ডেস্ক: ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক সাহাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি অৱমাননা কৰাৰ অভিযোগত নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিছে। চি পি আই (এম)-ৰ ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ সচিব জীতেন্দ্ৰ চৌধুৰীয়ে সাহাৰ বিৰুদ্ধে এই অভিযোগ আনিছে।

ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা মুখ্য মন্ত্ৰী গৰাকীলৈ এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি জাননী জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৪ টাকৈ সমষ্টিত নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰা হৈছিল। কিন্তু নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ পিছতো মুখ্য মন্ত্ৰী গৰাকীয়ে উত্তৰ ত্ৰিপুৰা জিলা আৰু ধলাই জিলা ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰাৰ অভিযোগ তোলে চি পি আই (এম)-ৰ জীতেন্দ্ৰ চৌধুৰীয়ে।

চৌধুৰীয়ে অভিযোগ কৰা মতে, মুখ্য মন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ পিছতো নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰি নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰিছে।

উল্লেখযোগ্য যে, নিৰ্বাচন আয়োগৰ নীতি অনুসৰি নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত ভ্ৰমণৰ সময়ত কোনো ৰাজ্যিক বা কেন্দ্ৰীয় মন্ত্ৰীয়ে চৰকাৰী কাম বা নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।

ইয়াৰ উপৰি তেওঁলোকে কোনোধৰণৰ দলীয় কাম বা নিৰ্বাচনী প্ৰচাৰত চৰকাৰী বাহন ব্যৱহাৰ কৰিব নোৱাৰে।

চি পি আই (এম)-ৰ নেতাগৰাকীৰ অভিযোগৰ পিছতে নিৰ্বাচন আয়োগে মুখ্য মন্ত্ৰীৰ পি পি এছ গৌতম চক্ৰৱৰ্তীৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ জাননী প্ৰেৰণ কৰাৰ লগতে পৰৱৰ্তী তিনি দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক – ২ জুনত বিজেপিত যোগদান কৰিব হাৰ্দিক পেটেলে!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply