বুধবাৰে পুনৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মাণিক সাহাই। তেওঁৰ লগত আৰু আঠগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।
শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে। লগতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাং। বিগত বৰ্ষত মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱা ত্ৰিপুৰাৰ বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱো মঞ্চত উপস্থিত আছিল।
উল্লেখ্য যে, ২০১৬ চনত বিজেপিত যোগদান কৰিছিল মাণিক সাহাই। ২০২২ চনত বিপ্লৱ দেৱক অপসাৰণ কৰি বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব দিছিল। ২০২০ চনৰ পৰা ২০২২ চনলৈ তেওঁ ত্ৰিপুৰা বিজেপিৰ সভাপতি আছিল। ৭০ বছৰীয়া মাণিক সাহা পেছাত এগৰাকী দন্ত চিকিৎসক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply