মণিপুৰৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। দুপৰীয়া ১১ বজালৈকে ২৮.১৯ শতাংশ ভোটদান হোৱাৰ তথ্য প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।
৮.৩৮ লাখ ভোটাৰে আজি ভোটদান সাব্যস্ত কৰিব। নিৰ্বচনী হিংসাত আজি থৈবাল জিলাত প্ৰথম আৰু সেনাপতি জিলাত হোৱা আনটো ঘটনাত দুজন লোকৰ মৃত্যু হোৱা বুলি চৰকাৰী সুত্ৰই প্ৰকাশ কৰিছে।
নিৰ্বাচন আয়োগৰ তথ্য মতে চান্দেলত ২৮.২৪ শতাংশ, জিৰিবামত ৩২.৬৪ শতাংশ, থৌবালত ২৯.৫৫ শতাংশ ভোটদান হৈছে।
ৰাজ্যখনৰ ৬খন নিৰ্বাচনী জিলাৰ ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ’ব। নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৯২ গৰাকী প্ৰাৰ্থীৰ বিজেপিৰ২২ গৰাকী, কংগ্ৰেছৰ ১৮ গৰাকী, এন পি পি ১১ গৰাকী, জে ডি (ইউ) আৰু এন পি এফৰ ১০ গৰাকী, আৰ পি আই-এ ৩ গৰাকী, শিৱ সেনা আৰু এন চি পিৰ ২ গৰাকী, আৰ জে এছ পি আৰু চি পি আইৰ এগৰাকী আৰু ১২ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী।