মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: সমগ্ৰ ৰাজ্যতে অব্যাহত থকা ড্ৰাগ্‌চ বিৰোধী অভিযানৰ মাজতে একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে আৰক্ষীৰ চকুত ধুলি দি ব্যাপক ৰূপত অব্যাহত ৰাখিছে ড্ৰাগ্‌চৰ ৰমৰমীয়া বেহা।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সমগ্ৰ মহকুমাটোতে অবাধ হাৰত চলি থকা ড্ৰাগ্‌চৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে অতি গোপনে ড্ৰাগ্‌চ সৰবৰাহ কৰা নামদাং কলিয়ৰী সমীপৰ পৰা দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম দাস আৰু উপ পৰিদৰ্শক ৰাজশ্ৰী বুঢ়াগোঁ‌হাইৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে ড্ৰাগ্‌চ বিক্ৰি কৰি থকা তথ্য লাভ কৰি বিক্ৰি কৰি থকা অৱস্থাতে ড্ৰাগ্‌চ ভৰ্তি দুটা চাবোন বাকচৰ সৈতে দেশ বাহাদুৰ লামাক আৰু ২২.৪৯ গ্ৰাম সন্দেহ যুক্ত হিৰ’ইন সহ ৰণি তামাঙক আটক কৰে।

উল্লেখ্য যে, দেশ বাহাদুৰ লামা হত্যা আৰু ড্ৰাগ্‌চ সৰবৰাহ কৰাৰ অভিযোগত পূৰ্বতে কাৰাগাৰলৈ যোৱাৰ নজিৰ আছে। আজি জব্দ কৰা ড্ৰাগছৰ খিনিৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ। উল্লেখ যে অঞ্চলটোৰ কুখ্যাত ড্ৰাগছ বেপাৰী দেশ বাহাদুৰ লামক ড্ৰাগছ সহ আটক কৰিবলৈ ইতিপূৰ্বে কেইবাৰো আৰক্ষীয়ে অভিযান চলাইছিল যদিওঁ সফল হ’ব পৰা নাছিল।

আজি বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত তথা মহকুমা আৰক্ষী বিষয়া আই পি এছ পাৰ্থ প্ৰতীম দাসৰ কৌশলী অভিযানত ধৃত দেশ বাহাদুৰক সহ ৰণি তামাঙক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘ দিন ধৰি নামদাং অঞ্চলত বাহৰ পাতি অৰুনাচলৰ চাংলং , জয়ৰামপুৰ আদি আঞ্চলটোত ধৃত দেশে বাহাদুৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

উল্লেখ যে আই পি এছ পাৰ্থ প্ৰতিম দাসে ইতিমধ্যে মাৰ্ঘেৰিটা মহকুমাৰ বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবা লাখ টকা মূল্য ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply