নিউজ ডেস্কঃ বুধবাৰে ফেচবুক লাইভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা উদ্ধৱ থাকৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।লগতে তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰে।
একনাথ সিন্দে বাহিনীৰ লক্ষ্য আছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। এই চৰকাৰখন উৎখাত কৰিবলৈ বিজেপিৰ নেতৃত্বত একনাথ সিন্দে প্ৰথমে গুজৰাটৰ এখন হোটেলত আৰু তাৰ পিছত অসমত হোটেল ৰেডিচন ব্লুত ৩৯জন বিধায়কৰ সৈতে বাহৰ পাতিছিল। কিন্তু বুধবাৰে নিশা উদ্ধৱ থাকৰেৰ পদত্যাগৰ খবৰে শিৱসেনাৰ বিসম্বাদী বিধায়কসকলৰ বহুতকে দুঃখিত কৰি তুলিছে।
উচ্চতম ন্যায়ালয়ে বুধবাৰে নিশা উদ্ধৱ থাকৰেৰ আবেদন খাৰিজ কৰি আস্থা ভোটৰ নিৰ্দেশ দিয়াৰ পিছতে বিজেপি দলত উদযাপন আৰম্ভ হৈছিল। মুখ্যমন্ত্ৰী পদৰ পৰা উদ্ধৱ থাকৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে মুম্বাইৰ এখন বিলাসী হোটেলত বিজেপি নেতাসকলে মিঠাই বিতৰণ, কেক কাটিবলৈ আৰম্ভ কৰে। কিন্তু গুৱাহাটীৰ পৰা গোৱাৰ হোটেলত আহি বাহৰ পাতা শিৱসেনাৰ বিসম্বাদী বিধায়কসকলৰ মাজক উল্লাসৰ ছবি খন দেখা পোৱা নগ’ল।বুধবাৰে আবেলি গুৱাহাটীৰ পৰা গোৱাত উপস্থিত হৈছিল একনাথ সিন্দেসহ বিধায়কসকল।
দলটোৰ মুখপাত্ৰ দীপক কেচৰকাৰে কয়, “উদ্ধৱ থাকৰেৰ পদত্যাগ আমাৰ বাবে আনন্দৰ বিষয় নহয়। তেওঁ কৈছিল যে বিসম্বাদীসকলে বিচাৰিছিল যে শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে বুজাবুজি ভংগ কৰক আৰু বিজেপিৰ সহযোগী হওক। কাৰণ বালাচাহেব এনচিপি বা কংগ্ৰেছতকৈ আদৰ্শগতভাৱে বিজেপিৰ সমীপৰ আছিল।
লগতে তেওঁ কৈছিল যে তেওঁলোকে শিৱসেনাৰ প্ৰতিষ্ঠাপকৰ হিন্দুত্ববাদী আদৰ্শ অনুসৰণ কৰি বিজেপিৰ সৈতে হাত মিলাবলৈ বাধ্য হৈছিল কিয়নো উদ্ধৱ থাকৰে কোনো পৰিস্থিতিতে মিত্ৰতা ত্যাগ কৰিবলৈ ইচ্ছুক নাছিল। চৰকাৰৰ পতনৰ বাবে উদ্ধৱ থাকৰেৰ অনুগামী শিৱসেনাৰ নেতা সঞ্জয় ৰাউতক দোষাৰোপ কৰে দীপক কেচৰকাৰে। দীপক কেচৰকাৰে কয়, “সঞ্জয় ৰাউতে প্ৰতিদিনে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে বিবৃতি দি কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কক বিষাক্ত কৰি তুলিছিল। ”
লগতে পঢ়কঃমহাৰাষ্ট্ৰ বিধানসভাত বৃহস্পতিবাৰে আস্থা ভোটৰ সন্মুখীন হ’ব উদ্ধৱ থাকৰে