নিউজ ডেস্ক – কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ কাৰ্যকাল আৰু এবছৰৰ সম্প্ৰসাৰণ কৰা হৈছে। তেওঁৰ কাৰ্যকাল চলিত বৰ্ষৰ ২২ আগষ্টত শেষ হ’লহেতেন।
কেবিনেটৰ নিযুক্তি সমিতিয়ে ভল্লাৰ কাৰ্যকাল বৃদ্ধিৰ অনুমোদন জনাইছে। অজয় কুমাৰ ভল্লাৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰি ২০২৩ চনৰ ২২ আগষ্ট লৈকে বঢ়োৱা হৈছে।

অজয় কুমাৰ ভল্লা অসম-মেঘালয় কেডাৰৰ ১৯৮৪ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ)ৰ বিষয়া। তেওঁক ২০১৯ চনৰ আগষ্টত কেন্দ্ৰীয় গৃহ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ পৰা, তেওঁ সেৱা বৃদ্ধি কৰি অহা হৈছে।
উল্লেখ্য যে এইটো তেওঁৰ দ্বিতীয় সম্প্ৰসাৰণ। তেওঁক ৰাজীৱ গৌবা (আইএএছ/1982/জেআৰ)ৰ সলনি ২২.৮.২০১৯ তাৰিখে ভাৰত চৰকাৰৰ গৃহ সচিব হিচাপে নিযুক্ত কৰা হৈছিল।