নিউজ ডেস্ক: অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি বিজেপিয়ে ঘোষণা কৰিব ১৯টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। ইতিমধ্যে দিল্লীত গৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু দিলীপ শইকীয়া গৈ উপস্থিত হৈছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ঘৰত।
উল্লেখ্য যে যে অসমৰ বাবে ঘোষণা হ’বলগা বিজেপিৰ অন্তিমখন তালিকাত নামনি অসমৰ অধিকাংশ সমষ্টিৰ প্রার্থীৰ নাম ঘোষিত হ’ব৷ তৃতীয় তালিকাত গুৱাহাটী মহানগৰীৰ চাৰিটা সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তর্গত আন ৬টা সমষ্টিৰ প্রার্থীৰ নামো ঘোষণা হ’ব৷উল্লেখ্য যে গুৱাহাটীৰ চাৰিটা সমষ্টিত এইবাৰ প্রার্থিত্বৰ দাবীদাৰত আছে ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ পর্যায়ৰ নেতা৷ অৱশ্যে তৃতীয় পর্যায়ত হ’বলগা জালুকবাৰী সমষ্টিৰ বাবে ইতিমধ্যেই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু পাটাছাৰকুছি সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নাম কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিছে৷
আজি চূড়ান্ত কৰা হব বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা
২১ টাৰ বিপৰীতে ১৯ টাত প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব , ইয়াৰে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা আৰু পাটাচাৰকুছিত ৰঞ্জিত কুমাৰ দাসৰ প্ৰাৰ্থিত্ব ইতিমধ্যে ঘোষণা কৰিছে
