নিউজ ডেস্ক: উত্তৰ-প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত দিনৰ ১ বজালৈ ৩৫.৫১ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে।
উল্লেখযোগ্য যে ৰাজ্যখনৰ ৫৪খন আসনৰ বাবে অনুষ্ঠিত আজিৰ ভোটগ্ৰহণত ২.০৬ কোটি ভোটাৰে মুঠ ৬১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
অহা ১০ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টি সমূহৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰানসী এক অন্যতম হেভিৱেইট সমষ্টি হিচাপে ধৰা হৈছে। সন্ধিয়া ৬ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া বাকি কেইখন জিলা হৈছে আজমগড়, জোনপুৰ, মাও, চন্দুলী, গাজিপুৰ, মিৰ্জাপুৰ ভড়োহি আৰু চোনভদ্ৰ।
লগতে পঢ়ক – ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী টেলিফ’নিক বাৰ্তালাপ