দীৰ্ঘদিনৰ অন্তত এইবাৰ প্ৰতিদ্বন্দ্বিতা হ’ব অসমত ৰাজ্য সভা নিৰ্বাচনত। শাসক পক্ষই দুখন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগেই অৱধাৰিত হৈ পৰিল নিৰ্বাচন।ৰণগৌড়া নাৰ্জাৰীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে UPPLয়ে। অহা ৩১ মাৰ্চত হ’বলগীয়া নিৰ্বাচন আকৰ্ষণীয় হোৱাৰ সম্ভাবনাই দেখা দিলে।
ৰাজ্য সভাৰ নিৰ্বাচনত দুয়োখন আসনত জয়ী হ’ব পৰাকৈ বিধায়কৰ সংখ্যা নাই শাসক পক্ষৰ। কিন্তু ইয়াৰ পিছতো দুয়োখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মিত্ৰজোঁটে। কেনেকৈ দ্বিতীয়খন আসনত জয়ী হ’ব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট।
আনহাতে প্ৰাৰ্থী হিচাবে নাম ঘোষণা হোৱাৰ পিছত ৰিপুন বৰাই বিৰোধী শিবিৰৰ পদুলিত পদধূলা দিয়াৰ কাম আৰম্ভ কৰিছে। দুই কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছেৰমান আলি আৰু শশীকান্ত দাসৰ শেষ সময়ৰ সিদ্ধান্তৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব।