মানকাচৰ : আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। ৪০ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে পুৱাৰ ভাগৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰি ভোট গ্ৰহণ প্ৰক্রিয়া আৰম্ভ কৰিছে। ইতিমধ্যে মানকাচৰ সমষ্টিৰ মুঠ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।
মানকাচৰ সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,২৬,৬৪৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,১৪,৪৫২ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,১২,১৯২ গৰাকী। মানকাচৰ সমষ্টিত ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। এইবাৰ সমষ্টিটোত মুঠ ৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। মানকাচৰ সমষ্টিত প্ৰাৰ্থীৰ তালিকা দীঘলীয়া হ’লেও মহাজোঁট আৰু মিত্ৰজোঁটৰ মাজতেই মূল যুঁজখন হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে।
মানকাচৰ সমষ্টিত মহাজোঁটৰ সমৰ্থিত তথা এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যোৱা ২০১৬ চনৰ নিৰ্বাচনত মানকাচৰ সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ লগতে এআইইউডিএফৰ পৰা আমিনুল ইছলাম নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে তদানীন্তন বিধায়ক জাবেদ ইছলাম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল।
২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ডাক্তৰ মতিউৰ ৰহমান মণ্ডল ৫৪১৮১ টা ভোট লাভ কৰাৰ লগতে এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম প্ৰথম বাৰৰ বাবে সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দ্বিতীয় স্থানত থাকি ৪৯৮৬৮ টা ভোট লাভ কৰিছিল। আনহাতে তেতিয়া বিধায়ক হৈ থকা জাবেদ ইছলাম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৪৮৩৫৮ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল।
মানকাচৰ সমষ্টিত এইবাৰ মুঠ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৪ টা ভোট গ্ৰহণ কেন্দ্রক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। আনহাতে ৩ টা ভোট গ্ৰহণ কেন্দ্র মহিলা ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰা হৈছে। মহিলা ভোট গ্ৰহণ কেন্দ্ৰ ৩ টাৰ প্রিজাইডিং আৰু পলিং বিষয়া সকল মহিলা হোৱাৰ লগতে নিৰাপত্তাৰক্ষীও মহিলা। মানকাচৰ সমষ্টিত ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ২৩৫ টা ভোট গ্ৰহণ কেন্দ্ৰত ওৱেব কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ওৱেব কেমেৰা নথকা ভোট ভোট গ্ৰহণ কেন্দ্ৰত ভিডিঅ কেমেৰাৰ জৰিয়তে পৰ্যবেক্ষণ কৰা হৈছে।