গুৱাহাটী : সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজৰে এইবাৰ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। কভিড প্ৰ’টকলৰ মাজৰে ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সাজু নিৰ্বাচন আয়োগ। ভোটদান কৰিবলৈ যোৱা লোক সকলে পৰিধান কৰিব লাগিব মাস্ক। পলিং বিষয়া সকলৰ কভিড টেষ্ট কৰা হ’ব।
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন। অহা ২৭ মার্চ তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ২৭ মার্চত ১২৬ টা সমষ্টিৰ ভিতৰত ৪৭ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ অন্ত পৰিছে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পৰাৰ লগতে নিৰ্বাচন আয়োগ ৰাজ্যত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। দেশৰ কেইবাখনো ৰাজ্য নিৰ্বাচনী গৰম বতাহেৰে উত্তাল হৈ থকাৰ মাজতে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কভিড মহামাৰীয়ে।
কভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নিৰ্বাচন আয়োগে সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজৰে ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটদান কৰিবলৈ যোৱা জনতাই মাস্ক পৰিধান কৰি ভোটদান কেন্দ্ৰলৈ যাব লাগিব। মাস্ক পৰিধান নকৰা লোক সকলক ভোটদান কেন্দ্ৰত মাস্ক প্ৰদান কৰা হ’ব।
ইফালে ভোট কেন্দ্ৰ সমূহত থকা পলিং বিষয়া সকলৰ কভিড টেষ্ট কৰোৱা হ’ব লগতে ভোটদান কৰিবলৈ যোৱা লোক সকলে হেণ্ড গ্লোভছ পৰিধান কৰি ভোটদান কৰিব লাগিব। ভোট কেন্দ্ৰ সমূহত পুৰুষ, মহিলা আৰু দিব্যংগ সকলৰ বাবে পৃথক পৃথক শাৰীৰ ব্যৱস্থাও থাকিব।