গুৱাহাটী : সমাগত অসম বিধানসভাৰ সাধাৰণ নির্বাচন মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ অর্থে নির্বাচন আয়ােগৰ নির্দেশনা অনুসৰি অসমৰ মূখ্য নির্বাচনী বিষয়াই ভােট গ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযােগ কৰিছে। এই অনুসৰি ৰাজ্যখনৰ মুঠ ভােট কেন্দ্রৰ প্রায় ৫০ শতাংশ ভােট কেন্দ্ৰত বিশেষকৈ শংকাকুল, স্পর্শকাতৰ, জটিল আৰু অধিক ভােটাৰ থকা ভােট কেন্দ্রসমূহত এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যখনত ৱেবকাষ্টিং স্থাপন কৰা মুঠ ১৬,৭৭৩ টা ভােট কেন্দ্ৰৰ ভিতৰত প্রথম পর্যায়ত ৫,৭৭২ টা, দ্বিতীয় পর্যায়ত ৫,৩১৫ টা আৰু তৃতীয় পর্যায়ত ৫,৬৮৬ টা ভােট কেন্দ্র আছে। উল্লেখযােগ্য যে এই ব্যৱস্থাৰ জৰিয়তে এই নির্দিষ্ট ভােট কেন্দ্রসমূহৰ ভােট গ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়ােগৰ কাৰ্যালয়ৰ পৰা পােনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব।

আৰু পঢ়কঃ ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল

ভাৰতৰ নির্বাচন আয়ােগে জন প্রতিনিধিত্ব আইন ১৯৫১ ৰ ১২৬ (ক) ধাৰাৰ উপ ধাৰা (১)ৰ অধীনত এই আইনৰ উপ ধাৰা (২) ৰ লগত সংগতি ৰাখি নির্দেশ জাৰি কৰিছে যে ২৭ মার্চৰ পুৱা ৭.০০ বজাৰ পৰা ২৯ এপ্রিলৰ সন্ধিয়া ৭.৩০ বজাৰ ভিতৰত কোনাে ব্যক্তিয়ে এগজিট পল আয়ােজন কৰিব নােৱাৰিব আৰু ছপা বা বৈদ্যুতিন মাধ্যম বা অন্যান্য মাধ্যমত অসম বিধানসভা ২০২১ ৰ সাধাৰণ নিৰ্বাচনৰ সৈতে জড়িত যিকোনাে এগজিট পলৰ ফলাফল প্রকাশ বা প্রচাৰ কৰিব নােৱাৰিব।

অসম বিধানসভাৰ সাধাৰণ নির্বাচন ২০২১ৰ সৈতে সংযুক্ত সংশ্লিষ্ট ভােটগ্রহণ অঞ্চলসমূহত ভােটগ্রহণ সমাপ্ত হােৱাৰ পূৰ্বৰ ৪৮ ঘন্টাৰ সময়ছােৱাত নির্বাচন আয়ােগে যিকোনাে বৈদ্যুতিন মাধ্যমত মতামত সংগ্রহৰ ফলাফল প্ৰচাৰ বা অন্যান্য যিকোনাে সমীক্ষাৰ লগতে নির্বাচনী বিষয়ৰ প্ৰদৰ্শন নিষেধ কৰিছে। উল্লেখ্য যে অহা ২৭ মাৰ্চত অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply