নিউজ ডেস্ক: পশ্চিমবংগৰ বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাৰ চি বি আই তদন্তৰ নিৰ্দেশ দিছে কলিকতা উচ্চ ন্যায়ালয়ে। অহা ৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে ২২ মাৰ্চত পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰামপুৰহাটত আততায়ীয়ে ৮ টাকৈ ঘৰত অগ্নিসংগযোগ কৰাৰ ফলত শিশু আৰু মহিলাসহ ৮ জন লোকৰ মৃত্যু হৈছিল। প্ৰাপ্ত তথ্য মতে বাসগৃহ কেইটাত বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি অগ্নিসংযোগ কৰা হৈছিল।

ঘটনা অনুসৰি যোৱা ২১ মাৰ্চত তৃণমূল কংগ্ৰেছৰ ভদু শ্বেইখ নামৰ এজন পঞ্চায়তৰ সদস্যক হত্যা কৰাৰ পিছতে উক্ত আক্ৰমণৰ ঘটনা সংঘটিত হয়। ঘটনাৰ পিছত ১০ জন অভিযুক্তক আটক কৰি আৰক্ষীৰ জিম্মাত গ্ৰহণ কৰা হৈছে।

পশ্চিমবংগ চৰকাৰে উক্ত হত্যাকাণ্ডৰ তদন্তৰ বাবে এখন বিশেষ তদন্ত কমিটি (SIT) গঠন কৰিছিল যদিও আজি কলিকতা উচ্চ ন্যায়ালয়ে এক নিৰ্দেশৰ জৰিয়তে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনৰ লগতে গোচৰৰ সকলো কাগজ-পাতি চি বি আইক গতাই দিবলৈ কয়।

লগতে পঢ়ক – দেশত নতুনকৈ ১,৬৮৫ গৰাকী লোক লোক ক’ভিডত আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply