দেশৰ নৱতম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দ্ৰৌপদী মুৰ্মু এগৰাকী উৰিষ্যাৰ বাসিন্দা আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল। নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপি সংসদীয় ব’ৰ্ড বৈঠকত সমগ্ৰ দেশকে আচৰিত কৰি দ্ৰৌপদী মূৰ্মুৰ নাম ঘোষণা কৰা হৈছিল। তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ ২ দশকতে তেওঁ উৰিষ্যা বিধান সভাৰ দ্বাৰা বৰ্ষশ্ৰেষ্ঠ বিধায়কৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।


দ্ৰৌপদী মুৰ্মুৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা –

  • ২০১৫ চনত তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
  • দ্ৰৌপদী মূৰ্মূৱেই হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী জনজাতীয় ব্যক্তি আৰু দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি।
  • তেওঁ উৰিষ্যা চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
  • উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ বাসিন্দা মুৰ্মুৱে ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • তেওঁ ময়ূৰভঞ্জৰ ৰায়ৰংপুৰৰ পৰা (২০০০ আৰু ২০০৯) বিজেপিৰ টিকটত দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল।
  • উৰিষ্যা চৰকাৰৰ বাণিজ্য আৰু পৰিবহন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দ্ৰৌপদী মুৰ্মূৱে। আৰু পৰৱৰ্তী সময়ত, ২০০০ চনত শাসনলৈ অহা বিজেপি-বিজেডি মিত্ৰজোঁট চৰকাৰৰ সময়ত মীন পালন আৰু পশুপালন বিভাগৰো মন্ত্ৰী আছিল মুৰ্মূ।
  • বিধায়ক হোৱাৰ আগতে, মুৰ্মুৱে ১৯৯৭ চনত নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰায়ৰংপুৰ নগৰ পঞ্চায়তত কাউন্সিলাৰ হিচাপে আৰু বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • দ্ৰৌপদী মূৰ্মু সম্পৰ্কে আকৰ্ষণীয় তথ্যদ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক কেৰিয়াৰ
    দ্ৰৌপদী মুৰ্মুৱেই হৈছে ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল আৰু যিকোনো ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱা প্ৰথমগৰাকী জনজাতীয় মহিলা। উৰিষ্যাত বিজেপি আৰু বিজেডিৰ মিত্ৰজোঁট চৰকাৰত তেওঁ ৬ মাৰ্চ ২০০০ ৰ পৰা ৬ আগষ্ট ২০০২ লৈ বাণিজ্য আৰু পৰিবহনৰ বাবে স্বতন্ত্ৰ দায়িত্বৰ সৈতে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ২০০০ চনৰ পৰা ২০০৪ চনলৈ উৰিষ্যাৰ একাধিক বিভাগত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
YouTube video

দ্ৰৌপদী মূৰ্মু সম্পৰ্কে আকৰ্ষণীয় তথ্যদ্ৰৌপদী মূৰ্মু সম্পৰ্কে আকৰ্ষণীয় তথ্য

  • দ্ৰৌপদী মূৰ্মু ১৯৯৭ চনত কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছিল।
  • দ্ৰৌপদী মূৰ্মু ১৯৯৭ চনতে ৰায়ৰংপুৰ এনএচিৰ উপাধ্যক্ষ হৈছিল।
  • পিছত তেওঁ উৰিষ্যাৰ ৰায়ৰংপুৰৰ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়, তেওঁ উৰিষ্যা চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
  • ২০০২ ৰ পৰা ২০০৯ চনৰ ভিতৰত দ্ৰৌপদী মূৰ্মু বিজেপিৰ এছ টি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য হৈ আছিল।
  • ২০০৭ চনত, দ্ৰৌপদী মূৰ্মুৱে “নীলকণ্ঠ বঁটা” লাভ কৰিছিল।
YouTube video

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply