ৰঙাপাৰা – অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন। তিনিটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৭ মার্চ তাৰিখে। নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। শাসকীয় দল বিজেপিয়ে পুনৰবাৰ শাসনৰ গাদী দখল কৰাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বিপৰীতে পাঁচ বছৰে বিৰোধীৰ আসনত থকা কংগ্ৰেছ দলৰ আছে পাঁচটাকৈ গেৰাণ্টি।

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ কেইবাটাও সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চাহ জনগোষ্ঠীৰ ভোটাৰ সকলৰ ভোট লাভ কৰিবলৈ বিজেপিয়ে চাহ শ্ৰমিক সকলৰ মজুৰি ৫০ টা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। ইফালে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ ভোট হেৰুৱাই বিজেপিৰ হাতত পৰাস্ত হোৱা কংগ্ৰেছ দলে চাহ জনগোষ্ঠীৰ ভোট পুনৰবাৰ নিজৰ পক্ষত আনিবলৈ চাহ শ্ৰমিক সকলক মজুৰি ৩৬৫ টকা প্ৰদান কৰাৰ গেৰাণ্টি দিছে। কংগ্ৰেছ দলৰ পাঁচ গেৰাণ্টিৰ মাজত চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাটো অন্যতম গেৰাণ্টি।

উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টি হৈছে চাহ জনগোষ্ঠীৰ ভোটাৰ সকলে নিৰ্ণায়ক ভূমিকা পালন কৰা অতি গুৰুত্বপূৰ্ণ সমষ্টি। ১৯৭৮ চনৰ পৰা ২০১৬ চনলৈ এই সমষ্টিটোত কংগ্ৰেছ দলে ৭ বাৰকৈ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে সমষ্টিটোত বিজেপিয়ে জয়লাভ কৰিছে ২ বাৰ। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী অভিজিত হাজৰিকাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভিমানন্দ তাঁতীক ৫৯৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি পোন প্ৰথম বাৰৰ বাবে ৰঙাপাৰা সমষ্টি বিজেপিৰ দখললৈ আনিবলৈ সক্ষম হৈছিল।

২০১১ চনত ৰঙাপাৰা সমষ্টিৰ চাহ জনগোষ্ঠীৰ ভোটাৰ কংগ্ৰেছ দলৰ ওপৰত বিশ্বাস ৰাখি কংগ্ৰেছৰ প্ৰাৰ্থী ভিমানন্দ তাঁতীক বিজয় কৰিছিল যদিও ২০১৬ চনত ৰঙাপাৰা সমষ্টি পুনৰ বাৰ বিজেপিয়ে দখল কৰে। পিছে ২০২১ ত ৰঙাপাৰা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? চাহ জনগোষ্ঠীৰ ভোটাৰ সকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ৰঙাপাৰা সমষ্টিত এইবাৰ মূল যুঁজখন শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতী আৰু কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাৰ মাজত হ’ব যদিও সমষ্টিটোত অন্য দলৰ চাহ জনগোষ্ঠীৰ কেইবাগৰাকী প্ৰাৰ্থী থকাৰ ফলত ভোট বিভাজনৰ পূৰ্ণ সম্ভাৱনা আছে।

ৰঙাপাৰা সমষ্টিত যদি চাহ জনগোষ্ঠীৰ ভোটাৰ সকলৰ ভোট বিভাজন হয় তেন্তে ইয়াৰ দ্বাৰা কোন লাভাম্বিত হ’ব ইয়াৰ অনুমান এতিয়াই কৰাটো সম্ভৱ নহয়। বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিক সকলৰ দাবী সমূহৰ ভিতৰত অন্যতম দাবী হৈছে চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি কৰাৰ আশ্বাস প্ৰদান কৰি চাহ জনগোষ্ঠীৰ ভোটাৰ সকলক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হৈছিল যদিও চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নহ’ল।

এতিয়া ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে চাহ শ্ৰমিক সকলৰ মজুৰি ৫০ টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। ইফালে পুৰণি ভোট বেংক পুনৰ ঘূৰাই আনিবলৈ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ গেৰাণ্টি দিছে। ইয়াৰ মাজতে সমষ্টিটোত এইবাৰ চাহ শ্ৰমিক সকলৰ সমস্যা সমূহৰ সমাধানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত আছে চাহ জনগোষ্ঠীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ লগতে জনগোষ্ঠীটোৰ কেইবাগৰাকী নিৰ্দলীয় প্ৰাৰ্থী।

এতিয়া প্ৰশ্ন হ’ল বিজেপিৰ ৫০ টকাৰ প্ৰতিশ্ৰুতি নে কংগ্ৰেছৰ ৩৬৫ টকাৰ গেৰাণ্টি, কাক বিশ্বাসত ল’ব চাহ জনগোষ্ঠীৰ ভোটাৰ সকল ? চাহ জনগোষ্ঠীৰ কেইবাগৰাকী প্ৰাৰ্থী থকাৰ ফলত ৰঙাপাৰাত চাহ জনগোষ্ঠীৰ ভোট বিভাজন হ’ব নেকি আৰু ইয়াৰ ফলত কাৰ ভাগ্য উদয় হ’ব ? শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী গৰাকী, কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী নে চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰাৰ্থীক ৰঙাপাৰা সমষ্টিৰ পৰা ৰাইজে নিৰ্বাচিত কৰিব ইয়াৰ উত্তৰ অহা ২ মে’ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই পোৱা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply