ফাইল ফটো

নিউজ ডেস্কঃ নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়ে বিতৰ্কত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা একালৰ প্ৰভাৱশালী মন্ত্ৰী সুব্ৰমণিয়ম স্বামীৰ এক শেহতীয়া মন্তব্যই সামাজিক মাধ্যম টুইটাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়া ৰুছ-ইউক্ৰেইন যুদ্ধক লৈ ৰাজ্যসভাৰ সাংসদজনে নিজে দিয়া এটা টুইটৰ ৰিপ্লাইত স্বামীয়ে প্ৰধান মন্ত্ৰীক লৈ কৰা মন্তব্যই সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়া।

মঙলবাৰে দিয়া এটা টুইটত সুব্ৰমণিয়ম স্বামীয়ে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে যোৱা বছৰ দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ প্ৰস্তাৱ উলংঘা কৰা বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী মোদীৰ পুটিনক ইউক্ৰেইনৰ পৰা সেনা আঁতৰাই আনিবলৈ ক’বলৈ সাহস হ’বনে বুলি প্ৰশ্ন কৰে।

স্বামীৰ উক্ত টুইটত @AndyKapur1 নামৰ টুইটাৰ হেণ্ডেলৰ পৰা ‘No, he’s caught between a rock & a hard place, the best is to play neutral which he is doing’ বুলি ৰিপ্লাই দিয়া হৈছিল।

উক্ত ৰিপ্লাই প্ৰত্যুত্তৰত সুব্ৰমণিয়ম স্বামীয়ে ‘১.৪ বিলিয়ন সভ্য জনসাধাৰণৰ এগৰাকী প্ৰধান মন্ত্ৰী ৰাজনৈতিক হিজৰা হ’ব নোৱাৰে’ বুলি মন্তব্য কৰে।

প্ৰধান মন্ত্ৰী তথা নিজ চৰকাৰৰ বিৰুদ্ধে প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে দিয়া উক্ত মন্তব্যই টুইটাৰ য়ুজাৰসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

@KumarPrachanda নামৰ টুইটাৰ ব্যৱহাৰকাৰী গৰাকীয়ে কয়, ‘প্ৰধান মন্ত্ৰীৰ প্ৰতি এইয়া কি ধৰণৰ ভাষা প্ৰয়োগ কৰা হৈছে? এসময়ত মই আপোনাৰ অনুৰাগী আছিলো কিন্তু এতিয়া…।’

আন এজনে নিজৰ ৰিপ্লাইত এইদৰে কয়, ‘The count of 1.4 billion ‘cultured people’ just went down by ‘1’ for sure with that tweet!’

লগতে পঢ়ক – যুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যুক সাবটিলে ভাৰতীয় ছাত্ৰই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply