নিউজ ডেস্ক: আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে কংগ্ৰেছে লাভ কৰিছে এক বৃহৎ সফলতা। কৰ্ণাটকত কংগ্ৰেছৰ বিধানসভা নিৰ্বাচনৰ জয়ে সলনি কৰি পেলাব নেকি দেশৰ ৰাজনীতি।
২২৪ খন মুঠ আসনৰ ভিতৰত ১৩৫ খনৰে বৃহৎ জয়ৰ লাভ কৰিছে কংগ্ৰেছে আনহাতে বিজেপিয়ে নিজৰ গাদী এৰিব লগীয়া হ’ল ৬৬ খন আসন লাভ কৰি। ৰাজ্যখনৰ আঞ্চালিক দল জনতা দলেও মাত্ৰ ১৯ খন লাভ কৰাৰ ফলত নিজৰ কিঙ মেংকাৰ প্ৰভাৱ হেৰুৱাব লগীয়া হয়।
দক্ষিণ ভাৰতৰ মাত্ৰ এখন ৰাজ্যত ৰাজনীতিৰ প্ৰভাৱ থকা বিজেপি এতিয়া সম্পূৰ্ণ বাহিৰ হ’ল দক্ষিণৰ জাজনীতিৰ পৰা। পাপ্পু বা ৰাহুল বাবা বুলি বিজেপিয়ে ঠাট্টা কৰা কংগ্ৰেছ নেতা গৰাকীক কেনেবাকৈ “গোৰ মাৰি গংগাত হে পেলালে” নেকি!
বিজেপিৰ মতে ৰাহুল গান্ধীৰ একো কাম নথকাৰ বাবে ভাৰত জোড়ো যাত্ৰা কৰিছিল। কিন্তু এই ভাৰত জোড়ো যাত্ৰাৰ বলতেই কৰ্ণাটকত কংগ্ৰেছে শক্তিশালী হৈ পৰাৰ হে তথ্য সন্মুখত দেখা গৈছে।
ভাৰত জোড়ো যাত্ৰা সময়ত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ ২১ দিন যাত্ৰাত ৭ খন জিলাৰ মাজেৰে পাৰ হৈ গৈছিল। এই ৭ খন জিলাত মুঠ ৪৮ খন বিধানসভাৰ সমষ্টি আছে। ইয়াৰে কংগ্ৰেছে ৩২ টা সমষ্টিত নিজৰ জয় নিশ্চিত কৰিবলৈ সক্ষম হয়। কিন্তু একেই ৪৮ টা সমষ্টিতেই কংগ্ৰেছে ২০১৮ চনৰ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত ১৫ টাত হে জয়ী হ’বলৈ সক্ষম হৈছিল। এই দুগুণ আসন বৃদ্ধিয়ে প্ৰমাণ কৰে ভাৰত জোড়ো যাত্ৰাৰ যি পৰিকল্পনাক আগত লৈ আগবাঢ়ি আহিছিল তাৰ সাফল্য মণ্ডিত হৈছে।
ইয়াৰ লগে লগে কংগ্ৰেছে এইবাৰ কৰ্ণাটকৰ জনতাৰ ওচৰত ৫ গেৰাণ্টি লৈ যোৱা দেখা গ’ল।
১. গৃহ লক্ষ্মী- যাৰ দ্বাৰা প্ৰত্যেক মাহতেই ঘৰৰ মুৰব্বী মহিলাক দিব ২০০০ টকাকৈ।
২. গৃহ জ্যোতি- ইয়াৰ দ্বাৰা প্ৰত্যেকটো ঘৰক মাহিলী ২০০ ইউনিট বিজুলী মাফ।
৩. অন্ন ভাগ্য- বিপিএল কাৰ্ড হোল্ডাৰ লৈ বিনামূলীয়া ১০ কেজি চাউল প্ৰত্যেক মাহতেই।
৪. যুৱা নিধি – নিবনুৱা ডিগ্ৰীধাৰী যুৱক-যুৱতীক মাহিলী ৩০০০ টকাকৈ আৰু নিৱনুৱা ডিপ্লমাধাৰী লোকক ১৫০০ টকাকৈ মাহিলী দিব।
৫. Uchita Prayana Scheme – ইয়াৰ দ্বাৰা কৰ্ণাটক ৰাজ্যৰ ভিতৰত প্ৰত্যেক মহিলাই লাভ কৰিব বিনামূলীয়া বাছ সেৱা।
এই ৫ গেৰাণ্টিয়ে কংগ্ৰেছক অধিক জনসাধাৰণৰ কাষলৈ লৈ যোৱা হ’ল বুলি এক কথাত ক’ব পাৰি।
আনহাতে, বিজেপিয়ে উন্নয়নশীল ধাৰা কথা কোৱাৰ বিপৰীতে সাম্প্ৰদায়িক ভাষণ প্ৰদান কৰাহে দেখা গ’ল। কোনোৱে যদি হিজাব বন্ধ কৰিব আন কোৱোয়ে কয় হালাল বন্ধ কৰিব, ইয়াৰ সমান্তৰালকৈ প্ৰায় বিলাক নেতাই “Hindu Khatre Main hain” উক্ত মন্তব্যৰে নিৰ্বাচনত জয় লাভৰ আশংকা কৰা দেখা গৈছিল। সাম্প্ৰদায়িক ভাষণে এতিয়া আমুৱাইছে নেকি এতিয়া জনসাধাৰণক? যি সময়ত কৰ্ণাটকত অৰ্থনৈতিক, নিৱনুৱা সমস্যাৰে ভৰপূৰ সেই সময়ত সাম্প্ৰদায়িক মন্তব্যয়ে যে প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল তাক লৈ এতিয়া বিজেপি ভিতৰত মহলত নিশ্চয় প্ৰশ্ন উত্থাপিত হ’ব।
দ্যা কাশ্মীৰ ফাইলছৰ দৰে “দ্যা কেৰালা ষ্ট’ৰী” য়ে জনসাধাৰণক প্ৰভাৱ পেলাব নোৱাৰিলে। যি বিজেপিয়ে কেৱল সাম্প্ৰদায়িক মন্তব্যৰ বাবেই বাট চাই সেই বিজেপিক দ্যা কেৰালা ষ্ট’ৰীয়ে সহায় নকৰিলে নেকি। যি সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই চিনেমাখনৰ প্ৰচাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগি পৰিল তাৰ পিছতো দক্ষিণ ভাৰতৰ ৰাজনীতিত প্ৰভাৱ পেলাব পাৰিল জানো।
এতিয়া প্ৰশ্ন এটাই সাম্প্ৰদায়িক মন্তব্য বা ভাষণেৰে বিজেপিয়ে কিমান দিনলৈকে চৰকাৰ ধৰি ৰাখিবলৈ সক্ষম হ’ব! নে কৰ্ণাটকৰ নিৰ্বাচনৰ পৰাজয়ৰ পিছত বিজেপিয়ে সলনি কৰিব নিজৰ ৰণকৌশল।
লোকসভা নিৰ্বাচনৰ পূৰ্বে দক্ষিণ ভাৰতৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হোৱা বিজেপি বিকল্প কি এইয়া পৰৱৰ্তী সময়ত হে গম পোৱা যাব। কিন্তু কংগ্ৰেছে প্ৰমাণ কৰি দেখালে যে বিজেপিক পৰাস্ত কৰাটো একোবাৰে অসম্ভৱ নহয়। কংগ্ৰেছে এতিয়া দেশৰ বিৰোধীৰ দল সমূহক একত্ৰিত কৰিব পাৰিব নে? কংগ্ৰেছে যদি বিৰোধীক একত্ৰিত কৰিব নোৱাৰে তেন্তে বিজেপিয়ে পুনৰ দেশৰ কেন্দ্ৰত দাখিল কৰিব সেয়া স্পষ্ট।
দেশৰ ৰাজনীতিত সাম্প্ৰদায়িক মন্তব্য বা ভাষণ দিয়া সকলৰ বিৰুদ্ধে যুজ দিয়াটো ইমান কঠিন কাম নহয় বুলি কংগ্ৰেছে প্ৰমাণ কৰি দেখুৱাইছে। এই প্ৰমাণে দেশৰ অন্য বিৰোধী দল সমূহক পুনৰ জাগ্ৰত কৰে নে নকৰে ইয়াৰ ফলাফল কিছু দিনৰ পিছতেই পোৱা যাব। দেশৰ অন্য বিৰোধী দল সমূহে যি দৰে কংগ্ৰেছকে এই সফলতাৰ বাবে অভিনন্দ জ্ঞাপন কৰিছে তাৰে কিন্তু এইয়া ইংগিত বহন কৰে দেশৰ ৰাজনীতিত লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি হ’ব।
কিন্তু নেতৃত্বৰ লোভেই যেন পিছলৈ কাল হৈ নপৰে বিৰোধীৰ মঞ্চত সেইয়াও কিন্তু লক্ষ্যণীয় দিশ হ’ব। এটা বছৰতকৈ কম সময় লোকসভা নিৰ্বাচনলৈ তেনে ক্ষেত্ৰত বিজেপিয়ে নিজৰ ৰণকৌশল সলনি কৰে নে নকৰে সেইয়া লক্ষণীয় হ’ব। জনসাধাৰণে এতিয়া কেৱল উন্নয়ন হে বিচাৰে সাম্প্ৰদায়িক মতভেদ নহয়। সাম্প্ৰদায়িক মতভেদে যে কেৱল ৰাজনীতিবিদৰ হে লাভ হয় সেইয়া এতিয়া জনসাধাৰণে বুজি উঠিছে।
লগতে পঢ়ক – কৰ্ণাটকত ঘৃণা বজাৰ বন্ধ হৈছে, প্ৰেমৰ দোকান খোল খাইছে- ৰাহুল গান্ধীৰ