নিউজ ডেস্ক: বিজেপিত যোগদান কৰিছে WWE-ৰ তাৰকা মলযোদ্ধা দলীপ সিং ৰাণা ওৰফে ‘দ্যা গ্ৰে’ট খালীয়ে’। বৃহস্পতিবাৰে তাৰকাৰ ৰেষ্টলাৰ গৰাকীয়ে দিল্লীত বিজেপি মুখ্য কাৰ্য্যালয়ত দলটোত যোগদান কৰে।
পঞ্জাব বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা সময়তে খালীৰ বিজেপি গমন ঘটিছে। অহা ১৪ ফেব্ৰুৱাৰীত পঞ্জাব বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
যোৱা বৰ্ষত খালীয়ে কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে দিল্লীত কৃষক সকলে গঢ়ি তোলা আন্দোলনৰ প্ৰতি নিজে সমৰ্থন আগবঢ়োৱাৰ লগতে দেশৰ জনসাধাৰণক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছিল।
পঞ্জাব আৰক্ষীত সেৱা আগবঢ়োৱা খালীয়ে ২০২০ চনত মলযোদ্ধা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ আন্তঃৰাষ্ট্ৰীয় ৰেষ্টলিং মঞ্চ WWE-ত খেলিবলৈ লয়, তেওঁ WWE-ৰ চেম্পিয়নৰ খিতাপো অৰ্জন কৰিছিল।
হিমাচল প্ৰদেশৰ বাসিন্দা, ৪৯ বছৰীয়া খালীক আজি বিজেপি জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দলটোলৈ আদৰণি জনায়।
লগতে পঢ়ক – পঞ্জাব বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এটা দল