মহানগৰী গুৱাহাটীত যুৱ কংগ্রেছীৰ বিক্ষোভ কাৰ্যসূচী। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ যুৱ কংগ্রেছীয়ে উত্তাল কৰিলে পৰিৱেশ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে যুৱ কংগ্ৰেছীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দিছপুৰ মানবেন্দ্ৰ শৰ্মা ভৱনৰ পৰা যুৱ কংগ্ৰেছীয়ে এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ কর্মী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তিও দাহ কৰে। ৰাহুল গান্ধীৰ পিতৃকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত প্ৰদান কৰা মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজাৰ দাবী জনায়।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি নিয়ে।

লগতে পঢ়ক – পাকিস্তানত ধৰ্মীয় গ্ৰন্থক ‘অসন্মান’ কৰাৰ অভিযোগত এজনক শিলগুটি দলিয়াই হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply