শিৱসাগৰ : শিৱসাগৰ নগৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।শিৱসাগৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদত সৰৱ হৈ পৰে যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত।
প্ৰথমে শিৱসাগৰ নগৰৰ পৰিবহণ তিনি আলিত হৰ্ডিংত থকা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত সভাপতি অংকিতা দত্তই কলা চিঞাহী সানি হিমন্ত মুৰ্দাবাদ ধ্বনি দিয়ে।
তাৰ পাছতে নগৰৰ দ’লমুখ চাৰি আলিত তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে।
উক্ত স্থানতে যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে।
অংকিতাই মাতৃ তথা মাতৃৰ গৰ্ভক অপমান কৰা হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।
আজিৰ প্ৰতিবাদত অংকিতা দত্তই ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি প্ৰতিবাদ বন্ধ কৰিবলৈ অহা আৰক্ষীক বাধা প্ৰদান কৰা দেখা যায়। হিমন্তক কংস মামা আখ্যা দি মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী তোলে অংকিতা দত্তই।