নিউজ ডেস্ক- বহু বিবাহেই হ’ব গৈ আছে কাল। বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হ’ব গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। শৰ্মাই কালি অহা ছমাহৰ ভিতৰত বহু বিবাহ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বিবাহ বন্ধ কৰাৰ বাবে বিশেষজ্ঞ কমিটী গঠন কৰা হ’ব আৰু সেই কমিটীৰ অবিচাতে যাবতীয় ব্যবস্থা লোৱা হ’ব। এই কমিটিখনে মুছলিম ব্যক্তিগত আইন আইনৰ বিধানসমূহো ফঁহিয়াই পৰ্যালোচনা কৰিব। আইনী বিশেষজ্ঞকে ধৰি সকলো পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে বিস্তৃত আলোচনা কৰি এক সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব কমিটিখনে।

উল্লেখ্য যে, এজন লোকে তিনিগৰাকী, চাৰিগৰাকী মহিলা বিয়া পতাৰ প্ৰণেতা চলি থকাৰ কথা সদৰী কৰি তেখেতে কয় যে বৰাক উপত্যকাৰ লগতে হোজাই, যমুনামুখত এনে বহু ঘটনা সংঘটিত হৈ আহিছে। ৬০ৰ পৰা ৬৫ বছৰ বয়সৰ লোকে পুনৰ বিয়া পাতি অহাৰ কথা উল্লেখ কৰি এই বহু বিবাহ প্রথা বিশেষজ্ঞ কমিটাৰ জৰিয়তে বন্ধ কৰাৰ কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

তেওঁ কয় যে যোৱা ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল। এই অভিযানত ৪০০০ তকৈয়ো অধিক গোচৰ ৰুজু হোৱাৰ লগতে সমসংখ্যক লোক গ্ৰেপ্তাৰো হৈছিল। তেতিয়াই ৰাজ্যখনত বাল্য বিবাহৰ দৰেই বৃহৎ সংখ্যক বহু বিবাহৰ ঘটনাও ঘটি থকাৰ  কথা পোহৰলৈ আহে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমীয়া ভাষী মুছলমানসকলৰ মাজত বহুবিবাহৰ প্ৰচলন অতি কম। কিন্তু প্রব্রজিত ভাষিক মুছলমান সকলৰ মাজত বহুবিবাহ প্ৰচলন বেছিকৈ হোৱা দেখা যায়। বৰাক উপত্যকাৰ বহু অঞ্চল, হোজাই, যমুনামুখ আদি স্থানত এগৰাকী ব্যক্তিয়ে কেইবাগৰাকী মহিলাক বিয়া কৰোৱাৰ পৰম্পৰা কিছু অধিক।”

লগতে মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে তেওঁ বিগত ৭ দিনত ইছলামিক আইন অতি সতর্কতাৰে অধ্যয়ন কৰিছে। ইছলামিক আইন অনুসৰি বহুবিবাহ অত্যাৱশ্যকীয় প্ৰথা নহয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply