নিউজ ডেস্ক- অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাই আজি শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত আজি দিনৰ প্ৰায় ২.৩০ বজাত তেওঁৰ মৃত্যু হয়।
তেখেত ভ্ৰাম্যমাণ জগতৰ লগতো জড়িত আছিল। তেওঁ অসমীয়া চলচিত্ৰ জগতৰ বাবে বিভিন্ন কাম কৰি গৈছে। তেখেত এগৰাকী জনপ্ৰিয় অভিনেতা আৰু পৰিচালক আছিল। তেওঁ জনসাধাৰণৰ মাজত সু–অভিনয়ৰ মাজেৰে এক সুকীয়া পৰিচয় লাভ কৰিছিল।
উল্লেখ্য যে, অভিনেতাগৰাকীৰ দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল। তেখেতে গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দীৰ্ঘদিনধৰি চিকিৎসা গ্ৰহণ কৰি আছিল।
আজি দুপৰীয়া অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। অসমীয়া ছবি জগতৰ বাবে ই এক বৃহৎ ক্ষতি।