নিউজ ডেস্ক: ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক অনুপমাত শেষবাৰৰ বাবে ধীৰাজৰ চৰিত্ৰত দেখা পোৱা টেলিভিচন জগতৰ জনপ্ৰিয় অভিনেতা নিতেশ পাণ্ডেৰ মৃত্যু হয় । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৫১ বছৰ। মহাৰাষ্ট্ৰৰ ইগাটপুৰীৰ নাছিকৰ এখন হোটেলত মৃত্যু হয় অভিনেতাগৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত মৃত্যু হয় নিতেশ পাণ্ডেৰ ।
বৰ্তমান আৰক্ষীৰ দল হোটেলখনত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে। হোটেলৰ কৰ্মচাৰীৰ লগতে নিতেশ পাণ্ডেৰ ঘনিষ্ঠ আন লোকসকলক জেৰা কৰা হৈছে।
উল্লেখ্য যে টিভি আৰু চিনেমাৰ চিনাকি মুখ আছিল নিতেশ পাণ্ডে। ৯০ৰ দশকত থিয়েটাৰ অভিনেতা হিচাপে আৰম্ভ কৰিছিল আৰু তাৰ পিছত তেজস নামৰ এটা অল্পকালীন টিভি শ্ব’ত গোয়েন্দা চৰিত্ৰত অভিনয় কৰিছিল।
অস্তিত্ব… এক প্ৰেম কাহানী, মানজিলেইন আপনি আপনি, সায়া, দুৰ্গেশ নন্দিনী আৰু জুস্তাজুৰ দৰে অনুষ্ঠানত অভিনয় কৰিছিল নিতেশ পাণ্ডে। শেহতীয়াকৈ তেওঁক অনুপমাত দেখা গৈছিল।