নিউজ ডেস্ক: জনপ্ৰিয় ইউটিউবাৰ দেৱৰাজ পেটেলৰ দেহাৱসান। সোমবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হয় ইউটিউবাৰগৰাকীৰ। ছত্তীশগড়ৰ বিখ্যাত ইউটিউবাৰ তথা কৌতুক অভিনেতাজনে ৰায়পুৰত এটা ভিডিঅ’ শ্বুট কৰিবলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাত মৃত্যু হয়।।

জানিব পৰা মতে, ২৬ জুনৰ আবেলি প্ৰায় ৩:৩০ বজাত দুৰ্ঘটনা সংঘটিত হয়। এজন বিষয়াই কয় যে, দেৱৰাজ পেটেলে এটা ভিডিঅ’ৰ চিত্ৰগ্ৰহণ কৰি ৰায়পুৰৰ পৰা উভতি আহি আছিল। আহি থাকোতে বাটত তেওঁক এখন ট্ৰাকে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে, মহাসমুণ্ডৰ বাসিন্দা যুৱ দেৱৰাজ পেটেলে তেওঁৰ ‘দিল চে বুৰা লগতা হ্যে’ ভিডিঅ’টোৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply