নিউজ ডেস্ক- ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ শিক্ষাৰ অধিকাৰ আইনৰ অধীনত নামভৰ্তিৰ বাবে প’ৰ্টেল মুকলি কৰিব। কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প’ৰ্টেল মুকলিৰ সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষা বিভাগৰ বিস্তৃত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে।

জানিব পৰা মতে, উচ্চ ন্যায়ালয়ে এই নির্দেশ উই ফৰ গুৱাহাটী ফাউণ্ডেচন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা 30/2023 নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি লৈ প্ৰদান কৰে।  

উল্লেখ্য যে বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ অধিকাৰ আইন অনুসৰি দৰিদ্ৰ সীমাৰেখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ থাকিব লাগে। কিন্তু বহু বেচৰকাৰী শিক্ষানুষ্ঠানে এই নিয়ম মানি নলয় যাৰ বাবে উই ফ গুৱাহাটী ফাউণ্ডেচনে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পি আই এল দাখিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply