নিউজ ডেস্ক: আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । প্রধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৰাজ্যখনত নিৰ্মাণ হোৱা গৃহত একেলগে ৩ লাখতকৈ অধিক লোক প্ৰৱেশ কৰিবলৈ সাজু হৈছে।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয়ভাৱে এই গৃহ প্ৰৱেশ কাৰ্যসূচী উদ্বোধন কৰিব। উক্ত দিনা দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী মুকলি কৰিব আৰু ১১-৩০ বজাত অঞ্চলে অঞ্চলে সাংসদ, মন্ত্রী, বিধায়ক, জিলা পৰিষদৰ বিষয়ববীয়া, পঞ্চায়তৰ বিষয়ববীয়াসকলে গৃহ প্ৰৱেশ কাৰ্যসূচী উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৰাজ্যখনে এতিয়ালৈ ১৯ লাখতকৈ অধিক হিতাধিকাৰীক সামৰি ল’বলৈ সক্ষম হৈছে। এই ১৯ লাখৰ ভিতৰত এতিয়ালৈ ১২,৪১,৫৫৯টা গৃহৰ নিৰ্মাণ সম্পন্ন হৈছে। লগতে আঁচনিখনৰ অধীনত গৃহ নিৰ্মাণৰ বাবে সময়ে সময়ে ধনৰ আবণ্টন লাভ কৰি থকা হৈছে ।

লগতে পঢ়ক: এতিয়াৰে পৰা অনলাইন গেমত দিব লাগিব ২৮ শতাংশ GST

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply