গ্ৰীষ্মৰ দিন আৰম্ভ হোৱাৰ লগে লগেই অসমত গৰমৰ প্ৰকোপ বৃদ্ধি হব ধৰিছে। অসমকে ধৰি দেশৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰমে ৰাইজক জুৰুলা কৰিবলৈ ধৰিছে৷

এই গৰমৰ পৰা আপোনি নিজকে বচায় ৰাখিবলৈ লব লগা কেইটামান সাৱধানতাৰ বিষয়ে জানো আহক।

১. গৰমৰ দিনত বিশুদ্ধ খোৱাপানী ঘনে ঘনে সেৱন কৰি থকাটো আৰু দেহত পানীৰ পৰিমান সঠিক ৰূপত বৰ্তাই ৰখাটো অতি প্ৰয়োজনীয়৷ পিয়াহ নালাগিলেও ব্যক্তিয়ে কামৰ মাজে মাজে পানী সেৱন কৰি থাকিব লাগে৷

২. কফিযুক্ত আৰু কাৰ্বনেটেড পানীয়,  সুৰা জাতীয় পানীয় আৰু বেছি চেনীযুক্ত পানীয়, কলড্ৰিংকচ আদিৰ পৰা দূৰত থাকিব লাগে। এইবোৰ বেছিভাগতে সংৰক্ষণৰ কৰি ৰাখিবৰ বাবে দিয়া ৰাসায়নিক পদাৰ্থ,  কৃত্ৰিম ৰং আৰু চেনীজাতীয় পদাৰ্থ দিয়া থাকে৷ আনহাতে, বহুতো চফট ড্ৰিংকচতে লঘু ফচফেৰিক এচিড থাকে,  যিয়ে পাচন নলীৰ ভিতৰৰ আস্বাদনৰ ক্ষতি সাধন কৰে। বেছিকৈ চফট ড্ৰিকংচ সেৱন কৰিলে দেহত ফচফৰাচৰ পৰিমান বৃদ্ধি পায় আৰু ই মানুহৰ হাড়ৰ পৰা কেলচিয়ামক পৃথক কৰি তেজৰ সোঁতত বিলীন কৰিবলৈ ধৰে ৷

Orange juice and cola splashing out of glass., Isolated white background.

৩. অতিপাত ঠাণ্ডা পানী অৰ্থাৎ ফ্ৰিজৰ পানী সেৱন কৰিব নালাগে। ফ্ৰীজৰ শীতল পানী সেৱন কৰিলেই ই আমাৰ দেহক ঠাণ্ডা কৰিব বুলি ভুল নাভাবিব৷ যদিও ই আমাৰ দেহটো অলপ সময়ৰ বাবে ঠাণ্ডা অনুভৱ দিব,  কিন্তু ই দেহত বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰে৷

৪. লঘু আহাৰ সেৱন কৰিব লাগে। আনহাতে  পুষ্টিকৰ খাদ্য আৰু মেদবিহীন,  চৰ্বীবিহীন খাদ্য সেৱনত গুৰুত্ব দিব লাগে।

৫. দেহৰ উত্তাপ বৃদ্ধি কৰা শাক-পাচলি ফলমূল আদি খাব নালাগে। যেনে পালেং শাক,  জালুক,  পিয়াঁজ, নহৰু,  বীট,  আনাৰস,  আঙুৰৰ ৰস আৰু কেঁচা আম আদি খাব নালাগে।  

৬. শুকান ফল পাৰিলে এৰাই চলিব লাগে। শুকান ফলৰ ঠাইত সতেজ ফল গ্ৰহণ কৰক। সতেজ ফলৰ ৰস খুব বেছি পৰিমানৰ খাব লাগে। ফলৰ ৰসত চেনী নিদিয়াকৈ সেৱন কৰাটো ভাল৷

৭. প্ৰচুৰ পৰিমানৰ ফল আৰু শাক-পাচলি খাওক খাব লাগে। খাদ্যৰ সতে চালাড, কেচা তিয়ঁহ খাব লাগে।   

৮. ঘৰুৱাভাৱে তৈয়াৰী নেমুপানী,  নাৰিকলৰ পানী খাব লাগে,  যাতে ই আমাৰ দেহৰ পৰা ঘামৰ ৰূপত নিগৰ্মন হোৱা পানীৰ পৰিমান পুনৰ শৰীৰলৈ ঘূৰাই আনিব পাৰে ৷

৯. গৰম,  মচলাযুক্ত খাদ্য, অতিপাত নিমখীয়া, তেলজাতীয় খাদ্য খাব নালাগে। চিপচ,  ভূজিয়া, চানা,  পৰঠা,  চিঙৰা আদি গৰমত খাব নালাগে।  কিয়নো ইয়াৰ সতে যোৱা তেলৰ পৰিমানে আমাৰ দেহটো আৰু বেছি গৰম কৰি তুলে।

১০. গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিব লাগে। যাতে গাৰ ঘাম শুহি লব পাৰে। আৰু গৰমত সোনকালে ঘামিজামি লেতেৰা হোৱা কাপোৰ কানি, বৰষুণত তিতি অহা কাপোৰ,  উটি অহা লেতেৰা আদি ভৰিত লাগি অহা চাফ-চিকুলকৈ থাকিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply