ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুৱে আজি নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ ৩৬ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বহুতো শিক্ষাৰ্থীয়ে তেওঁলোকৰ দায়িত্ব আৰু পৰিস্থিতিৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰাত অসুবিধা পায়। IGNOU দৰে প্ৰতিষ্ঠানসমূহে এনে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰাত সহায় কৰি আছে।

তেওঁ উল্লেখ কৰে যে বহুতো নিযুক্তিপ্ৰাপ্ত/স্ব-নিয়োজিত ব্যক্তিয়ে দক্ষতা বৃদ্ধিৰ বাবে IGNOU  পৰা শিক্ষা লাভ কৰিছে। তেওঁ কৈছিল যে এনে ‘উপাৰ্জনকাৰী আৰু শিক্ষাৰ্থী’ দূৰত্ব শিক্ষাৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে। সেয়েহে, দূৰত্ব শিক্ষাৰ এক বিস্তৃত আৰ্থ-সামাজিক উপযোগিতা আছে। IGNOU য়ে দূৰশিক্ষাৰ জৰিয়তে উচ্চ শিক্ষা প্ৰদান কৰি এনে শিক্ষাৰ্থীসকলক এক অতি উপযোগী সেৱা প্ৰদান কৰি আছে।

পুনৰ ৰাষ্ট্ৰপতিয়ে কয় যে, দূৰৱৰ্তী অঞ্চল,  গ্ৰাম্য অঞ্চল আৰু অৰ্থনৈতিকভাৱে দুৰ্বল গোটৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰাত বিশ্ববিদ্যালয়খনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। IGNOUৰ শৈক্ষিক কাৰ্যসূচীত নমনীয়তাৰ সহায়ত, বহুতো শিক্ষাৰ্থীয়ে তেওঁলোকৰ কাম, পৰিয়াল আৰু অন্যান্য দায়িত্ব পৰিচালনা কৰাৰ সময়ত উচ্চশিক্ষা গ্ৰহণ কৰিব পাৰে।

ৰাষ্ট্ৰপতিয়ে কৈছিল যে, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ অধীনত,  ২০৩৫ চনৰ ভিতৰত উচ্চ শিক্ষাত ৫০ শতাংশ মুঠ নামভৰ্তি অনুপাত প্ৰাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ উল্লেখ কৰিছিল যে IGNOU য়ে এই লক্ষ্য প্ৰাপ্ত কৰাত এক অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply