নিউজ ডেস্ক: ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপেৰছাদ সন্তখীৰ সৈতে ৫ জুন তাৰিখে পাৰামাৰিবোত চুৰিনামত ভাৰতীয়ৰ আগমনৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত অনুষ্ঠিত সাংস্কৃতিক উৎসৱত উপস্থিত থাকে।
পাৰামাৰিবোৰ স্বাধীনতা চৌহদত সভাক ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয় যে আজি ‘আমি ভাৰতীয়সকলৰ চুৰিনামলৈ অহাৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো যিটো চুৰিনামৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ১৮৭৩ চনৰ আজিৰ দিনটোতে লল্লা ৰুখ জাহাজত উঠি প্ৰথমটো ভাৰতীয় দল চুৰিনামৰ পাৰত উপস্থিত হয় যিটো এই দেশৰ ইতিহাসৰ এক নতুন অধ্যায়ৰ আৰম্ভণি আছিল’।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বহুসংস্কৃতিৰ সমাজ আৰু দেশ হিচাপে চুৰিনামে তাত আহি বসতি স্থাপন কৰা সকলো বৈচিত্ৰময় সম্প্ৰদায়ক আদৰণি জনাইছে। এই বছৰবোৰত বিভিন্ন সম্প্ৰদায়ৰ বিকাশ ঘটি এটা পৰিয়াল আৰু এখন দেশলৈ পৰিণত হয়। চুৰিনামৰ লোকসকলক ঐক্য আৰু সৰ্বাংগীনতাৰ প্ৰতি থকা নিষ্ঠা আৰু দায়বদ্ধতাৰ বাবে তেওঁ শলাগ লয়।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে যি সময়ত চুৰিনামে নিজৰ পূৰ্বপুৰুষৰ উত্তৰাধিকাৰ আৰু ভাৰতৰ সৈতে সম্পৰ্কক উদযাপন কৰি আছে, সেই সময়ত ভাৰতে সংহতি আৰু শ্ৰদ্ধাৰে চুৰিনামৰ সৈতে থিয় দিছে। ভাৰত চৰকাৰে ভাৰতীয় ভূখণ্ডৰ পৰা চুৰিনামলৈ অহা সেই মূল ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলৰ চতুৰ্থ প্ৰজন্মৰ পৰা ষষ্ঠ প্ৰজন্মলৈকে অ’চিআই কাৰ্ডৰ বাবে যোগ্যতাৰ মাপকাঠী বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ভাৰতৰ সৈতে তেওঁলোকৰ ১৫০ বছৰীয়া সম্পৰ্কত অ’চিআই কাৰ্ডক এক গুৰুত্বপূৰ্ণ লিংক হিচাপে চাব পাৰি বুলিও কয় ছানীয়ে। ভাৰতৰ প্ৰব্ৰজনকাৰী সদস্যসকলক ভাৰতৰ সৈতে সম্পৰ্ক অটুট ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।