ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মূৱে কালি অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অসমৰ শ্ৰীযুতা হেমপ্ৰভা চুতীয়াক শিল্পকলা ক্ষেত্ৰত পদ্মশ্ৰী প্ৰদান কৰে।

  1. শ্ৰীযুতা হেমপ্ৰভা চুতীয়াক শিল্পকলা ক্ষেত্ৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে –

অসমৰ গুণী শিল্পী তথা শিপিনী শ্ৰীযুতা হেমপ্ৰভা চুতীয়াক তেওঁ তাঁতশালত ৰচা শিল্পকৰ্মৰ বাবে সৰ্বজনবিদিত। সদায়েই তাঁতশালত অনন্য আৰু ব্যতিক্ৰমী সৃষ্টিৰে জগতক চমকিত কৰি আহিছে গুণী শিপিনীগৰাকীয়ে।

  1. ১৯৫৫ চনৰ ২২ ছেপ্টেম্বৰত অসমৰ ডিব্ৰুগড় জিলাৰ ফটিকাচোৱা অভয়পুৰিয়া গাঁৱত জন্মগ্ৰহণ কৰা শ্ৰীযুতা হেমপ্ৰভা চুতীয়াৰ পিতৃ আছিল এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। অৱশ্যে শ্ৰীযুতা চুতীয়াই কেৱল মেট্ৰিক স্তৰলৈকে শিক্ষা লাভ কৰিব পাৰিছিল।
  1. শ্ৰীযুতা চুতীয়াই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “গুণমালা” মাধবদেৱ বিৰচিত নামঘোষা আৰু ভাগৱত গীতা ক্ৰমে অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত তাঁতশালত বৈ উলিয়াইছে। উল্লেখ্য যে তেখেতে এই আটাইকেইখন গ্ৰন্থ চাৰিবিধ ভিন ভিন কাপোৰত বৈ উলিয়াইছে। এই পদ্ধতিটোক অসমীয়াত বৰ্ণ বস্ত্ৰ নামকৰণ কৰা হৈছে। তেখেতে পৱিত্ৰ গুণমালা পুথিখন অসমীয়া ভাষাত বৈ উলিয়াইছে। ক’লা ঊণেৰে মুগাত বৈ উলিওৱা এই বস্ত্ৰখনৰ দৈৰ্ঘ্য হৈছে ৮০ ফুট আৰু প্ৰস্থ হৈছে ১৮ ইঞ্চি। আনফালে মাধৱদেৱ বিৰচিত নামঘোষা বৈ উলিয়াইছে ২০০ ফুট দৈৰ্ঘ্যৰ আৰু ২ ফুট প্ৰস্থৰ মুগা আৰু ক’লা ঊণৰ এখন বৰ্ণ বস্ত্ৰত। শ্ৰীযুতা চুতীয়াই ভাগৱত গীতা গ্ৰন্থখন বৈ উলিয়াইছে সংস্কৃত আৰু ইংৰাজী ভাষাত। এই বৰ্ণবস্ত্ৰ দুখন সেউজীয়া ঊণ আৰু মুগাৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰে সংস্কৃত বৰ্ণবস্ত্ৰখনৰ দৈৰ্ঘ্য ১৫০ ফুট আৰু প্ৰস্থ ২ ফুট। আনফালে ইংৰাজী ভাষায় প্ৰস্তুত কৰা বৰ্ণবস্ত্ৰখনৰ দৈৰ্ঘ্য ২৮০ ফুট আৰু প্ৰস্থ ২ ফুট।
  1. উল্লেখ্য যে শ্ৰীযুতা চুতীয়াই এইপৰ্যন্ত ভালেমান সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত অসম চৰকাৰে ২০২২ চনত আগবঢ়োৱা সন্মানীয় অসম গৌৰৱ (অসম চৰকাৰৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান), ২০২০ চনত প্ৰাগ নিউজে আগবঢ়োৱা প্ৰাগ প্ৰেৰণা সন্মান অন্যতম। ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ পৰা আই কনকলতা বঁটা, ২০১৭ চনত বকুলবন ন্যাসৰ বকুলবন বঁটা, ২০২১ চনত ডাউন-টাউন বিশ্ববিদ্যালয়ে প্ৰদান কৰা শিপিনী কলাকাৰ বঁটাও অন্যান্য বহু বঁটা-বাহনৰ মাজত অন্যতম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply