২০২০চনত কোভিড মহামাৰী ৰোধৰ বাবে বলৱৎ হোৱা কঠোৰ লক্ডাউনৰ সময়ত দেশত আন অপৰাধৰ সংখ্যা কমিছিল ৷ কিন্তু বাঢ়িছিল বাল্য বিবাহ ৷ কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ তথ্য মতে, ২০১৯ৰ তুলনাত ২০২০ত দেশত বাল্যবিবাহ ৩৩ শতাংশ বাঢ়িছিল ৷ অকল আগষ্ট মাহতে এই সংখ্যা ৮৮ শতাংশ বাঢ়িছিল ৷ অকল সেয়ে নহয়, নেচনেল ক্ৰাইম ৰেকৰ্ড্ছ ব্যুৰ’ৰ পৰিসংখ্যা মতে, দেশত সেই সময়ছোৱাত আন অপৰাধৰ সংখ্যা ১৩.২৬ শতাংশ কমিছিল ৷ কিন্তু বাল্যবিবাহ প্ৰতিৰোধ আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ সংখ্যা ২০১৫ চনৰ তুলনাত বৃদ্ধি পাইছিল ১৬৭.৯২ শতাংশ ৷ ৰাজ্যত এতিয়া বাল্যবিবাহক লৈ চলি থকা চৰকাৰী অভিযান আৰু বিতৰ্কৰ আলোচনাত এই পৰিসংখ্যাৰ অত্যন্ত গুৰুত্ব আছে ৷

অপৰিকল্পিতভাৱে জাপি দিয়া লক্ডাউনে দেশৰ সবাতোকৈ বেছি লোক সংস্থাপিত হৈ থকা অসংগঠিত ক্ষেত্ৰখন ধ্বংস কৰি পেলাইছিল ৷ ফলত কৰ্মহীন হৈছিল লাখ লাখ লোক ৷ ফলত সবাতোকৈ বেছি ভুক্তভোগী হৈছিল সেই পৰিয়ালসমূহৰ সন্তানসকল ৷ কেৱল জীয়াই থকাৰ তাড়না যেতিয়া প্ৰাথমিক চিন্তা হয়, অধ্যয়ন হৈ পৰে গৌণ ৷ নক’লেও হ’ব ইয়াৰ চিকাৰ মূলতঃ হৈছিল কন্যা সন্তান ৷ বিদ্যালয়ৰ খৰচ বহন কৰিব নোৱাৰি আৰু অনলাইন শ্ৰেণীৰ অৰ্হতা পূৰণ কৰিব নোৱাৰি অজস্ৰ পৰিয়ালে কন্যাশিশুক বিদ্যালয়ৰপৰা আঁতৰাই আনিছিল ৷

অসম চৰকাৰৰ তথ্য মতেই নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত আধাতে শিক্ষা এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ কোভিডৰ পূৰ্বতকৈ দুগুণ বাঢ়িছিল ৷ বন্ধ হৈছিল ৪০০০তকৈ অধিক স্কুল ৷ এই পৰিস্থিতিত দৰিদ্ৰ পৰিয়ালবোৰে নিজৰ কন্যাশিশুক আগতীয়াকৈ বিয়া দি নিজৰ ব্যয় কমোৱাৰ লগতে সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ চেষ্টা চলোৱাটো স্বাভাৱিক ৷ ‘চাইল্ডলাইন ইণ্ডিয়া’ৰ মতে লক্ডাউনৰ প্ৰথম চাৰি মাহতে দেশত ৫১২৪খন বাল্যবিবাহৰ তথ্য পোৱা গৈছিল ৷ দেশত চলি অহা এই সমস্যাক কোভিডকালীন পৰিস্থিতিয়ে আৰু গুৰুতৰ কৰিছিল আৰু এই সমস্যাৰ লগত থকা আৰ্থসামাজিক দিশটো আকৌ এবাৰ পোহৰলৈ আনিছিল ৷

বাল্যবিবাহ এক ভয়ানক সামাজিক ব্যাধি আৰু ই ভাৰতীয় তথা অসমৰ সমাজ ব্যৱস্থাৰ বাবে এক কলংক ৷ বাল্যবিবাহে কেৱল এগৰাকী কন্যাশিশুৰ মানৱীয় আৰু সাংবিধানিক অধিকাৰেই উলংঘা নকৰে, ই বিশ্বশক্তি হোৱাৰ সপোন দেখা এখন দেশৰ আৰ্থসামাজিক দিশটোৰ পয়ালগা স্বৰূপো উদঙায় ৷ সেয়ে ইয়াৰ নিৰ্মূল জৰুৰী ৷ কিন্তু এয়া হত্যা বা সন্ত্ৰাসবাদৰ দৰে কোনো আইন শৃংখলাজনিত অপৰাধ নহয়, যাক তাৎক্ষণিক কঠোৰ উপায়েৰে মোকাবিলা কৰাৰ সুযোগ থাকে ৷ বাল্যবিবাহ এক সামাজিক ব্যাধি যাৰ আঁৰত পুৰুষতান্ত্ৰিকতাৰপৰা অৰ্থনৈতিক অনগ্ৰসৰতালৈ অজস্ৰ এনে কাৰক আছে যিবোৰ আমাৰ সমাজজীৱনত আজি পৰ্যন্ত বহু গভীৰলৈ শিপাই আছে ৷ যদিহে বাল্যবিবাহ ৰোধ আমাৰ লক্ষ্য, আমাৰ মনোযোগ হ’ব লাগিব সেই কাৰকবোৰ নিৰ্মূল কৰা ৷ ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনিচেফৰ মতে, দৰিদ্ৰতা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ অভাৱ আৰু পুৰুষতান্ত্ৰিকতাৰ দৰে সামাজিক কুসংস্কাৰেই হৈছে বাল্যবিবাহৰ মূল কাৰণ ৷ ভাৰততে বিশ্বৰ সবাতোকৈ বেছি বাল্যবিবাহ হয় আৰু তাৰ অন্তৰালত থকা সুগভীৰ আৰ্থসামাজিক কাৰকৰ প্ৰতি লক্ষ্য ৰাখি ইউনিচেফে কেতবোৰ দীৰ্ঘম্যাদী আঁচনি যুগুত কৰি কাম কৰি আছে ৷ কন্যাশিশুৰ স্বাস্থ্য, পুষ্টিৰ যত্ন, মাধ্যমিক বিদ্যালয় পৰ্যন্ত শিক্ষাগ্ৰহণলৈ আগুৱাই নিয়া আৰু নিজৰ প্ৰতিভা অনুসৰি পেছাগত দক্ষতা বৃদ্ধিৰে তেওঁলোকক এক স্বাস্থ্যৱান, উৎপাদনমুখী আৰু সবল প্ৰাপ্তবয়স্কত পৰিণত কৰাৰ বাবে জিলা পৰ্যায়লৈ কাম কৰাত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে ৷ একেদৰে ভাৰত চৰকাৰেও বাল্যবিবাহ প্ৰতিৰোধ আইন ২০০৬ বলৱৎ কৰাৰ দৰে আইনী নিৰাময়মূলক ব্যৱস্থা লোৱাৰ লগতে বিভিন্ন শিক্ষা আৰু সজাগতামূলক কৰ্মসূচী হাতত লৈ আহিছে ৷ কাৰ্যসূচীবোৰৰ তীব্ৰতাও বৃদ্ধি হৈ আহিছে ৷ ইয়াৰ ফলো আমি দেখিবলৈ পাইছোঁ ৷ কিয়নো বাল্যবিবাহৰ সংখ্যা দেশত ধীৰে ধীৰে কমি অহা বুলি পৰিসংখ্যাত প্ৰকাশ ৷ ২০০৫ত বাল্যবিবাহৰ হাৰ ৪৭.৪ শতাংশ আছিল আৰু ২০২১ত ই কমি ২৩.৩ শতাংশ হৈছিল ৷ ইয়াৰ বিপৰীতে অসমৰ পৰিসংখ্যা কিন্তু সন্তোষজনক নহয় ৷ শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (২০১৯-২১) মতে অসমৰ গ্ৰামাঞ্চলৰ এক তৃতীয়াংশ ২০-২৪ বছৰীয়া মহিলাই ১৮ বছৰৰ পূৰ্বে বিয়া হয় ৷ কেৱল বিহাৰ আৰু ঝাৰখণ্ডহে এই ক্ষেত্ৰত অসমৰ আগত আছে ৷ জৰীপৰ সময়ত এই কথাও পোহৰলৈ আহিছে যে ১৫ আৰু ১৯ বছৰৰ ভিতৰৰ ১১.৭ শতাংশ কিশোৰী হয় মাতৃ নহয় গৰ্ভৱতী ৷ এই পৰিসংখ্যাই প্ৰমাণ কৰে বাল্যবিবাহ ৰোধৰ বাবে সক্ৰিয় পদক্ষেপৰ প্ৰয়োজন আহি পৰিছে ৷ কিন্তু বাল্যবিবাহ ৰোধ আইনৰ লগতে পকছোৰ দৰে কঠোৰ আইনৰ অধীনত হাজাৰ হাজাৰ পুৰুষক গ্ৰেপ্তাৰ আৰু একোটা পৰিয়ালক হঠাতে সামাজিক তথা অৰ্থনৈতিক সংকটলৈ ঠেলি দিয়াটো এই সক্ৰিয়তাৰ অংশ হ’ব পাৰেনে?

আজিৰ তাৰিখত যদি আমি বাল্যবিবাহৰ লগত ইয়াৰ আৰ্থসামাজিক পটভূমিৰ সংযোগ ঘটাও কি দেখা পাম? ৰাজ্য চৰকাৰে তাৎক্ষণিক চমক সৃষ্টি কৰি শিৰোনাম দখলৰ বাবে শাস্তিমূলক ব্যৱস্থাৰ বাবে হঠাতে যিদৰে তৎপৰ হৈছে, তাৰ বিপৰীতে এই সমস্যাক গুৰিতে মোকাবিলা কৰাত কিমান আন্তৰিকতা প্ৰদৰ্শন কৰিছে সেয়া চৰকাৰী পৰিসংখ্যায়ে ক’ব ৷ অসমৰ ৮৬ শতাংশ লোকেই গ্ৰামাঞ্চলৰ ৷ আৰু ইয়াৰ ৭৪ শতাংশ মহিলাই ১০ বছৰ বা ততোধিক কাল শিক্ষাগ্ৰহণ নকৰে ৷ এয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (২০১৯-২১)ৰে তথ্য ৷ এই জৰীপেই উদঙাই দিছে যে বাল্যবিবাহক আইন শৃংখলাজনিত অপৰাধৰ দৰে গণ্য কৰি সংবাদ শীৰ্ষ দখলৰ তৎপৰতাৰে চৰকাৰে আন ব্যৰ্থতা ঢাকিব বিচাৰিছে ৷ মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত অসম এতিয়াও দেশৰ অন্যতম অনগ্ৰসৰ ৰাজ্য ৷ ৰাজ্যৰ ১৫ৰপৰা ৪৯ বছৰ বয়সৰ এক পঞ্চমাংশ মহিলাই কেতিয়াও স্কুলত ভৰি থোৱা নাই ৷ ৰাজ্যৰ সংস্থাপন ক্ষেত্ৰখনত মাত্ৰ ১৭ শতাংশ মহিলা । ৰাজ্যৰ ৮০ শতাংশ মহিলাই কৰ্মহীন ৷ শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্যৰ মহিলাৰ এই শোচনীয় অৱস্থাই কিদৰে বাল্যবিবাহত প্ৰভাৱ পেলাইছে তাৰো উত্তৰ এই জৰীপতে ওলাইছে ৷ বিদ্যালয়লৈ নোযোৱা ১৫ৰপৰা ১৯ বছৰ বয়সৰ ২০ শতাংশতকৈ অধিক মহিলাই সন্তান হয় জন্ম দিছে নহয় গৰ্ভৱতী ৷ ইয়াৰ বিপৰীতে একে বয়সৰ ১২ বছৰতকৈ অধিক কাল শিক্ষাগ্ৰহণ কৰা মাত্ৰ ৪ শতাংশ মহিলাহে মাতৃ হৈছে ৷ এই জৰীপ মতে হিন্দুৰ মাজত বাল্যবিবাহৰ হাৰ ২৩.৫ শতাংশ ৷ মুছলমানৰ মাজত ৪৫.৮ শতাংশ আৰু খ্ৰীষ্টানৰ ক্ষেত্ৰত ২৩.৮ শতাংশ ৷ এই পৰিসংখ্যা যিমান ধৰ্মীয় সিমান অৰ্থনৈতিক ৷ আৰু ই শিক্ষাৰ অভাৱৰ লগতে দৰিদ্ৰতাৰ সৈতে বাল্যবিবাহৰ সংযোগ স্থাপন কৰে ৷ ৰাজ্যৰ সবাতোকৈ দৰিদ্ৰ ২০ শতাংশ মানুহৰ মাজতে ৪২ শতাংশ বাল্যবিবাহ হয় ৷ এই ২০ শতাংশ দৰিদ্ৰতমৰ মাজত মুছলমান হৈছে ৫১ শতাংশ ৷ হিন্দুৰ হাৰ ৩১ শতাংশ ৷

অৱশ্যে ইউনিচেফে ভাৰতত হোৱা বাল্যবিবাহৰ অধ্যয়ন কৰি আঙুলিয়াই দিছে যে ঘৰৰ অৰ্থনৈতিক অৱস্থা, বাস কৰা অঞ্চল বা আন কাৰকতকৈ শিক্ষাৰ স্তৰে মহিলাৰ বিবাহৰ বয়সত বেছি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ৷ বহু সম্পদশালী ঘৰৰ কন্যাকো অপৈণত বয়সত বিয়া দিয়াটো আৰু কন্যা মানেই বিবাহৰ বাবে পইচা সঁচাৰ ধাৰণা শিপাই থকাটো তাৰ প্ৰমাণ ৷ গতিকে শিক্ষাক বিনামূলীয়া, বাধ্যতামূলক, মানসম্পন্ন আৰু সাৰ্বজনীন কৰাটোহে হ’ব বাল্যবিবাহ ৰোধৰ প্ৰাথমিক কিন্তু সুদূৰপ্ৰসাৰী পদক্ষেপ ৷ তাৰ লগত স্বাস্থ্যসেৱা আৰু পুষ্টিকো প্ৰাথমিক আৰু বাধ্যতামূলক অধিকাৰৰ আওতালৈ আনিব লাগিব ৷ এইখিনি সকাহ দিব পাৰিলে অনগ্ৰসৰ পৰিয়ালৰ কন্যাসকলে নিজক বিবাহৰ সলনি সংস্থাপিত কৰাৰ বাবে পথ পাব আৰু এই সবলীকৰণৰ পাছত ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে মহিলাৰ জীৱনৰ শেষ লক্ষ্য উপযুক্ত পাত্ৰৰে বিয়া বুলি থকা সামাজিক কুসংস্কাৰবোৰো আঁতৰাই থ’বলৈ বাধ্য হ’ব ৷ তাৰ বাবে দুদিনীয়া শিৰোনাম দখলৰ চমক নহয়, লাগিব নিৰলস, আন্তৰিক, সহানুভূতিশীল ব্যৱস্থা ৷ মনত ৰখা উচিত যে এই গ্ৰেপ্তাৰবোৰে ইতিমধ্যে অনগ্ৰসৰ সম্প্ৰদায়বোৰক চৰকাৰী যন্ত্ৰটোৰ প্ৰতি অধিক আতংকিত আৰু অনাগ্ৰহী কৰিছে ৷ বিশেষকৈ দৰিদ্ৰ পৰিয়ালবোৰৰ স্বাস্থ্যসেৱা তথা শিক্ষৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত অংগনৱাড়ী আৰু আশাকৰ্মীসকলক ইয়াত জড়িত কৰোৱাৰ ফল অতি নেতিবাচক হ’ব পাৰে ৷ পৰিয়ালবোৰে শাস্তিৰ ভয়ত তেওঁলোকৰ সেৱা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হোৱাৰ ফলত কন্যাশিশুসকল মৌলিক চিকিৎসা আৰু স্বাস্থ্যসেৱাৰপৰা অধিক বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে ৷ অপৰাধকৰণৰ বাবে এতিয়া বাল্যবিবাহৰ ঘটনাবোৰ পোহৰলৈ নহাৰ আৰু গোপনে হৈ থকাৰ সম্ভাৱনাও বেছি হ’ল ৷ শিৰোনাম দখলৰ ৰাজনৈতিক অংকৰে যে বাল্যবিবাহৰ দৰে আৰ্থসামাজিক কাৰকেৰে জটিল সামাজিক সমস্যাটো সমাধান নহয় সেয়া এই দিশত কাম কৰি থকা অজস্ৰ বেচৰকাৰী সংস্থা আৰু সমাজকৰ্মীক সুধিলেই গম পোৱা গ’লহেঁতেন ৷ এনে সংস্থা আৰু ব্যক্তিৰে আলোচনাত বহি অধিক ফলপ্ৰসূ কৰ্মআঁচনি যুগুত আৰু ইতিমধ্যে থকা ব্যৱস্থাৱলী আন্তৰিকতাৰে সঠিককৈ ৰূপায়ণেই এই সমস্যাটো সমাধানৰ দিশত এক ইতিবাচক খোজ হ’লহেঁতেন ৷