সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তিৰ বাবে ফুটবলৰ চিৰন্তন শিল্পী লিঅ’নেল মেছিৰ অন্তিম নৃত্য অথবা তেওঁৰে উত্তৰাধিকাৰী, কিলিয়ান এমবাপ্পে নামৰ ধুমুহাজাকৰ আন এক তাণ্ডৱ ৷ ফুটবলৰ মহাজগত ইতিমধ্যে এক ধ্ৰুপদী যুদ্ধৰ আগজাননীত কম্পমান ৷ তাৰ মাজতে ফৰাচী ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰুৱে মেছিলৈ সাৱধানবাণী প্ৰেৰণ কৰি বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে অধিক বৃদ্ধি কৰিছে ফুটবল গোলকৰ উষ্ণতা ৷ মেছিৰ ট্ৰফী কেবিনেটত কেৱল বিশ্বকাপৰ অভাৱ ৷ ২০১৪ত সামান্য ব্যৱধানত জাৰ্মানীয়ে তেওঁৰপৰা এই ট্ৰফী কাঢ়ি নিয়াৰ পাছত এইবাৰ আকৌ এবাৰ তেওঁৰ সন্মুখত সুযোগ ৷ তেওঁৰ ভাষাত এয়াই হ’ব তেওঁৰ শেষ সুযোগ ৷ এই সুযোগ কোনেও তেওঁক সজাই দিয়া নাই ৷ বৰং প্ৰথম দিনটোৰ ব্যৰ্থতাৰ পাছত শ্লেষৰ হাঁহি মৰা নিয়তিক হৰুৱাই নিজে গঢ়ি লৈছে সুযোগ ৷ মেছিয়ে ৷ আৰ্জেণ্টিনাই ৷ হাৰিও হাৰ নমনা দুৰ্দান্ত এদল ফুটবলাৰে ঐক্যবদ্ধ যুঁজেৰে নিজৰ বাবে কাঢ়ি লোৱা সুযোগ ।

ৰড্ৰিগো ডি পল, এনজ’ ফাৰ্ণাণ্ডেজ অথবা এমিলিয়ানো মাৰ্টিনেজে নিজতকৈও বেছি অধিনায়ক মেছিক সেই দুৰ্লভ ট্ৰফী তুলি দিবলৈ কৰা প্ৰাণপন প্ৰয়াসে দিছে এই সুযোগ ৷ হয়তো ফ্ৰান্সৰ কট্টৰ সমৰ্থকজনেও মনৰ কোনোবাখিনিত বিচাৰে মেছিৰ হাতত বিশ্বকাপ ৷ মেছিৰ প্ৰতি ফুটবল বিশ্বৰ সামগ্ৰিক প্ৰেম আৰু আন্তৰিকতাই কেতিয়াবাই ভৌগোলিক সীমা অতিক্ৰম কৰিছে । সমগ্ৰ ফুটবল ত্ৰিভুৱনেই যেন বিচাৰিছে এই ধ্ৰুপদী শিল্প নাটৰ অন্তিম ক্ষণত মেছিয়েই তুলি লওঁক বিশ্বকাপ ৷ কিন্তু কি যুক্তিত জিৰু বা ফ্ৰান্সে নিবিচাৰিব আন এক বিশ্বকাপ ? কিহৰ বাবে তেওঁলোকে মেছিক এৰি দিব তেওঁলোকৰ সপোন! একেৰাহে দুবাৰ বিশ্বকাপ জিকি ইতিহাসৰ স্বৰ্ণিল অংগ হোৱাৰ সুযোগ তেওঁলোকৰ হাতত ৷ ফুটবলৰ লোককথাৰ অমৰ চৰিত্ৰ হোৱাৰ পথত এমবাপ্পে, গ্ৰীজমেন অথবা লৰিছ ৷ গতিকে মেছিৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তিৰ বাটত আছে বিশাল ফৰাচী প্ৰাচীৰ ৷ ইয়াক পাৰ কৰিলেহে বিশ্বকাপ তেওঁৰ বাবে সম্ভৱ হ’ব ৷ কিন্তু এমবাপ্পে, অন্টোৱান গ্ৰীজমেন আৰু ওছমান ডেম্বেলেৰ বিশ্বত্ৰাস আক্ৰমণ বিভাগ নেওচিব পাৰিব নে আৰ্জেণ্টিনাই? মেছিৰপৰা তেওঁৰ বিশ্বকাপৰ অন্তিম মেচত সৰ্বশ্ৰেষ্ঠখিনি আদায় কৰিব পাৰিবনে? কি ৰণকৌশল হ’ব পাৰে প্ৰশিক্ষক লিঅ’নেল স্কাল’নিৰ? অথবা মেছিৰ সপোন ভাঙিবলৈ কি মাষ্টাৰপ্লেন যুগুতাব পাৰে ফৰাচী প্ৰশিক্ষক ডিডিয়েৰ ডেশ্বম্পে ?

ফ্ৰান্সে বিশ্বকাপৰ অন্তিম দুখন মেচত প্ৰতিপক্ষতকৈ বল কম দখলত ৰাখিছিল ৷ ইংলেণ্ডৰ বিৰুদ্ধে দলটোৰ বল দখল আছিল ৪৩ শতাংশ আৰু মৰক্কোৰ বিৰুদ্ধে ৩৯ শতাংশ । অৰ্থাৎ তেওঁলোকে মূলতঃ ৰক্ষণাত্মক খেলিছিল ৷ বল দখলত নাথাকিলে ফ্ৰান্সে বিপক্ষক বলৰ বাবে হেঁচা নিদিয়ে ৷ বৰং মাজভাগলৈ নামি খেলিছিল ৷ ছেমিফাইনেলত বল দখলত নথকা সময়ৰ ৫৮ শতাংশই ফ্ৰান্সে ব্যয় কৰিছিল মাজভাগ আৰু নিজৰ ৰক্ষণত ৷ ভুল নকৰিব, এয়া তেওঁলোকৰ পৰিকল্পিত ৰণকৌশল আছিল ৷ কোৱাৰ্টাৰ ফাইনেল আৰু ছেমিফাইনেল দুয়োখন মেচতে ফ্ৰান্সে আগতে অগ্ৰগতি লৈছিল আৰু সেয়ে গ’লৰ বাবে দৌৰাদৌৰি তেওঁলোকৰ নাছিল ৷ পিছলৈ আহি খেলি তেওঁলোকে বিপক্ষক অধিক খেলুৱৈৰে আক্ৰমণৰ বাবে আকৰ্ষিত কৰিছিল যাতে ইয়াৰ ফলত সৃষ্টি হোৱা সুৰঙাৰ বাবে প্ৰত্যাক্ৰমণৰ সুযোগ পায় ৷ পোলেণ্ডৰ বিৰুদ্ধে ৰাউণ্ড অব্ ছিক্সটিনত ফ্ৰান্সে কৰা তৃতীয় গ’লটো তেওঁলোকৰ প্ৰত্যাক্ৰমণৰ উৎকৃষ্ট উদাহৰণ যিটোৱে স্কাল’নিয়ে ৰণকৌশল যুগুত কৰোঁতে নিঃসন্দেহে চাব ৷ ইয়াক ৰুধিবলৈ আৰ্জেণ্টিনাৰ ৰক্ষণে এই পৰ্যন্ত বিশেষ ভুল কৰা নাই ।

জ্যেষ্ঠ খেলুৱৈ নিকোলাছ অটামেণ্ডি এই বিশ্বকাপৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ বুলি বহুতে কৈছে ৷ ইন্টাৰচেপচন, বল পুনৰ দখল, এৰিয়েল বল দখল আৰু তাৰ লগতে দীঘলীয়া পাছেৰে আক্ৰমণ সৃষ্টিত তেওঁ অদ্বিতীয় ৷ একেদৰে চেন্ট্ৰেল ডিফেন্সত তেওঁৰ সংগী ক্ৰিষ্টিয়ান ৰোমেৰো, বিকল্প ডিফেণ্ডাৰ লিছান্দ্ৰো মাৰ্টিনেজো আছে দুৰন্ত ফৰ্মত ৷ ছেমিফাইনেলত নিলম্বনৰ বাবে খেলিব নোৱৰা লেফ্টবেক মাৰ্কোছ আক্যুনাও দললৈ উভতিব ৷ তেওঁৰ টেক্ল, অগ্ৰগামী দৌৰ আৰু ক্ৰছ আৰ্জেণ্টিনাৰ ৰক্ষণৰ লগতে আক্ৰমণতো সহায়ক হ’ব ৷ ৰাইটবেক নেহুৱেল ম’লিনাৰ গেম সচেতনতা অনবদ্য ৷ কিন্তু সমস্যাটো হ’ল ছৌদি আৰৱে হাইলাইন প্ৰত্যাক্ৰমণত আৰ্জেণ্টিনাৰ অস্বস্তিৰ কথা উদঙাই দিছিল ৷ তাৰ পাছত অষ্ট্ৰেলিয়া আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধেও শেহত সেই অস্বস্তি একপ্ৰকাৰ বিপদলৈ পৰ্যবসিত হৈছিল ৷ ডেশ্বম্পে এই কথা নিশ্চয় মনত ৰাখিছে আৰু অতি দ্ৰুতবেগী দুই উইংগাৰ এমবাপ্পে আৰু ডেম্বেলেক তেওঁ আক্যুনা তথা ম’লিনাক পৰীক্ষা কৰিবলৈ লগাব ৷ বিশ্বকাপত নিজৰ প্ৰতিভা প্ৰমাণ কৰা দুই আৰ্জেণ্টাইন মিডফিল্ডাৰ এলেক্সিছ মেক এলিষ্টাৰ আৰু এনজ’ ফাৰ্ণাণ্ডেজে ৰক্ষণক অতিৰিক্ত সুৰক্ষা দিয়াৰ লগতে বল আগুৱাই নিয়াত সহায় কৰি আহিছে ৷ ফাইনেলত তেওঁলোকে গ্ৰীজমেনৰ মুক্ত বিচৰণ বন্ধ কৰিব লাগিব ৷ যদিহে ফৰ্মেচনে অনুমতি দিয়ে সেই দায়িত্ব লিয়ান্দ্ৰো পৰেডেছৰ কান্ধতো পৰিব পাৰে ৷

ফ্ৰান্সে অগ্ৰাধিকাৰ দিব প্ৰথম গ’লটো দিয়া যাতে আৰ্জেণ্টিনাক তীব্ৰ আক্ৰমণৰ বাবে আগুৱাই আহি খেলিবলৈ বাধ্য হয় আৰু আৰ্জেণ্টিনাই সেয়া কেতিয়াও নিবিচাৰিব ৷ বৰং আৰ্জেণ্টিনাই প্ৰথমে স্ক’ৰ কৰিবলৈ চেষ্টা কৰিব আৰু স্কাল’নিয়ে ফ্ৰান্সৰ দুৰ্বল অংশত আঘাত হানিব ৷ মৰক্কোৰ ৫৩ শতাংশ আক্ৰমণ ফ্ৰান্সৰ বাওঁ উইঙেৰে হৈছিল ৷ ইয়াৰ কাৰণ হ’ল, লেফ্ট উইংগাৰ এমবাপ্পে ৰক্ষণৰ বাবে আগ্ৰহী নহয় ৷ ফলত অকলশৰীয়া লেফ্টবেক থিঅ’ হাৰ্ণাণ্ডেজক লক্ষ্য কৰি লোৱাটো স্কাল’নিৰ প্ৰথম পৰিকল্পনা হ’ব ৷ ইয়াৰ বাবে সুস্থ হৈ উঠা এনহেল ডি মাৰিয়াক ৰাইট উইঙত নমাই ম’লিনাৰ সৈতে অ’ভাৰলেপ আৰু মেছিৰে লিংক আপ খেলা হ’ব পাৰে ৷ আন এক পৰিকল্পনা হ’ব পাৰে ফ্ৰান্সৰ চেন্ট্ৰেল মিডফিল্ডক লক্ষ্য কৰা য’ত মাত্ৰ দুজন খেলুৱৈ থাকে ৷ এই পৰিকল্পনা অৰ্থাৎ ক্ৰোৱেচিয়াৰ তিনিজন মিডফিল্ডাৰৰ বিৰুদ্ধে চাৰিজন মিডফিল্ডাৰ নমাই স্কাল’নি সফল হৈছিল ৷ যদিহে স্কাল’নিয়ে ৪-৪-২ ফৰ্মেচন লয় তেন্তে দুয়ো দিশৰ মিডফিল্ডাৰ দুজনে ফ্ৰান্সৰ দুই বেগী উইংগাৰক ৰোধৰ বাবে নিজৰ উইংগাৰ আৰু ফুলবেকৰ সৈতে মিলি সংখ্যা বৃদ্ধি কৰিব পাৰে ৷ কিন্তু গ্ৰীজমেন মিডফিল্ডলৈ আহিলে এই নীতিয়ে বিপদ ঘটাব পাৰে ৷ আকৌ ডি মাৰিয়াক দলত স্থান দিবলৈ ৪-৩-১-২ ফৰ্মেচন ল’লে মধ্য মিডফিল্ড সবল হ’ব, কিন্তু তেওঁ ৰক্ষণৰ কামো কৰিব লাগিব যাতে হাৰ্ণাণ্ডেজে আগুৱাই গৈ আৰ্জেণ্টিনাৰ ৰক্ষণক সোঁফালে আমনি নকৰে ৷ নেদাৰলেণ্ডৰ বিৰুদ্ধে বাঁওদিশে গুৰুত্ব দি তৈয়াৰ কৰা সফল ৩-৫-২ ফৰ্মেচনো স্কাল’নিৰ বিকল্প হ’ব পাৰে যি ৰক্ষণৰ ক্ষেত্ৰত আগৰ দুটা ফৰ্মেচনত অহা সমস্যা সমাধান কৰিব পাৰে৷

কিন্তু ডেশ্বম্পৰ হাতত আছে আৰ্জেণ্টিনাৰ গেমপ্লেন ৰোধৰ পৰ্যাপ্ত অস্ত্ৰ ৷ দলৰ স্বাৰ্থত যিকোনো সিদ্ধান্ত ল’বলৈ তেওঁ চিন্তা নকৰে ৷ গ্ৰীজমেন আৰু জিৰুক তেওঁ মৰক্কোৰ বিৰুদ্ধে মেন মাৰ্কিঙত লগাইছিল ৷ অপ্ৰয়োজনীয়ভাৱে গ’ল খোৱাৰ উদাহৰণ থকা আৰ্জেণ্টিনাৰ ৰক্ষণক পৰীক্ষা কৰিবলৈ তেওঁৰ হাতত জিৰু, এমবাপ্পে আৰু ডেম্বেলেৰ লগতে আছে টুৱামেনিৰ দৰে বিকল্পও যি দীঘলীয়া শ্বট লোৱাত পাকৈত ৷ কিন্তু যি দলত বিশ্বকাপ জয়ৰ বাবে অন্তিম যুঁজত নমা লিঅ’নেল মেছি আছে যাৰ এটা মুভে খেলৰ গতি সলাই দিব পাৰে সেই দলক লৈ সাৱধানীয়েই হ’ব ডেশ্বম্পৰ ৰণনীতি ৷ ফ্ৰান্সো নিঃসন্দেহে আৰ্জেণ্টিনাৰ বাবে এক অতি কঠিন প্ৰত্যাহ্বান হ’ব ৷ দুয়োটা দলেই প্ৰতিদ্বন্দ্বী অনুসৰি নিজৰ ৰণকৌশল সলনি কৰি আহিছে আৰু নিঃসন্দেহে এই মেচ ৰক্ষণত নহয়, আক্ৰমণত জিকা হ’ব ৷ গতিকে এই মেচত প্ৰথমে গ’ল কাৰ হয় তাৰ ওপৰত মেচৰ ভৱিষ্যৎ বহু নিৰ্ধাৰণ হ’ব৷
যদি মেচ অতিৰিক্ত সময় বা টাইব্ৰেকাৰলৈ যায় আগত থাকিব আৰ্জেণ্টিনাই । হয়তো জীৱনৰ শ্ৰেষ্ঠতম সফলতা অৰ্জনৰ বাবে মেছিয়ে প্ৰদৰ্শন কৰিব লাগিব তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম খেল ৷ ৩৫ বছৰ বয়সত আৰু জীৱনৰ শেষৰখন বিশ্বকাপৰ মেচত মেছিৰ এই প্ৰদৰ্শনত ভূমিকা থাকিব তেওঁৰ সতীৰ্থসকলৰো ৷ সতীৰ্থ অটামেণ্ডিৰ ভাষাত, “আমি হৈছোঁ ২৬জন যোদ্ধা । আমি আমাৰ বাবে আৰু আমাৰ মানুহৰ বাবে যুঁজিম”৷ এই দৃঢ়তা আৰু হাৰ নমনা মানসিকতায়ে আৰ্জেণ্টিনাক আকৌ এবাৰ বিশ্বকাপ জয়ৰ সুযোগ দিছে ৷ মেছিৰ বিদায় স্বৰ্ণিল কৰি তুলিবলৈ নিশ্চয় হাৰ নামানে এই আৰ্জেন্টাইন যুঁজাৰুৰ দলে ৷ আৰু, আমাৰ অপেক্ষা এখন এক মহাকাব্যিক ফাইনেললৈ ৷
সম্ভাৱ্য ফলাফল: আৰ্জেণ্টিনা ২-১ ফ্ৰান্স